৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আবেলি ৪ বজাত সংসদৰ নিজৰ বক্তব্য ৰাখিব। বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীগৰাকী সংসদত উপস্থিত হোৱা নাই। কিন্তু প্ৰধানমন্ত্ৰী সংসদত উপস্থিত হোৱাৰ পূৰ্বেই কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই কৰিছে বিস্ফোৰক মন্তব্য। তেওঁ টুইটত লিখিছে, ‘প্রধানমন্ত্ৰী মোদী আহিলে কি হ’ব? তেওঁ পৰমাত্মা নেকি? তেওঁতো কোনো ভগৱান নহয়!’ খৰ্গেই লগতে কয়, ‘প্রধানমন্ত্ৰী মোদীয়ো ১৬৭ ৰ অধীনত মণিপুৰৰ ওপৰত আলোচনা কৰাটো আমি বিচাৰো। প্রধানমন্ত্ৰী মোদীৰ উপস্থিতিত আমি মণিপুৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। কিন্তু প্ৰধানমন্ত্ৰীৰ আজিলৈকে সংসদত উপস্থিত হোৱাৰ সাহস নহ’ল।’

অনাস্থা প্ৰস্তাৱক লৈ আজি তৃতীয় আলোচনা
লোকসভাত কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ বিষয়ে আলোচনা অব্যাহত আছে। এই আলোচনাৰ আজি তৃতীয়টো দিন। বৃহস্পতিবাৰে বিয়লী ৪বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱক লৈ বিৰোধীয়ে কৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ সংসদত উপস্থিত হ’ব। বিগত ৮ আগষ্টৰ পৰাই অনাস্থা প্ৰস্তাৱৰ ওপৰত সংসদত আলোচনা চলি আছে। বিগত দুটা দিনৰ আলোচনাত বিৰোধী সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছে। প্রধানমন্ত্ৰীক দেশদ্ৰোহী বুলিও আখ্যা দিছে বিৰোধীয়ে তেনেক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে আজি তেওঁ ৰাখিবলগীয়া বক্তব্যত এইসমূহৰ প্ৰত্তুত্ত্যৰ দিবনে সেয়াহে এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ পাছতেই হ’ব ভোট
প্রধানমন্ত্ৰী মোদীৰ ভাষণৰ পাছতেই অনাস্থা প্ৰস্তাৱক লৈ সদনত ভোটদান পৰ্ব আৰম্ভ হ’ব। অনাস্থা প্ৰস্তাৱক লৈ হ’বলগা ভোটদান পৰ্বত কিন্তু প্ৰধানমন্ত্ৰীৰ সমৰ্থনত থকা সাংসদৰ সংখ্যাই সৰহ যে সেয়া স্পষ্ট হৈ আছে। বিৰোধী দল কংগ্ৰেছে বিগত ২৬ জুলাইত মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ কথা প্ৰকাশ কৰিছিল। তাৰপিছতেই অধ্যক্ষ ওম বিৰালাই এই প্ৰস্তাৱ স্বীকাৰ কৰি আলোচনাৰ বাবে ৮-৯ আগষ্টৰ দিনটো থিৰাং কৰে। প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ শাসনকালত দ্বিতীয়বাৰৰ বাবে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। ২০১৮ চনত পোনপ্ৰথমে প্ৰধানমন্ত্ৰী মোদী অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছিল। সেইবাৰো বিৰোধী মোদীৰ হাতত পৰাস্ত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *