৩১ বছৰ পাছত এদিনীয় বিশ্বকাপত ভংগ অভিলেখ

৩১ বছৰ পাছত এদিনীয় বিশ্বকাপত ভংগ অভিলেখ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ক্ৰমাৎ ৰোমাঞ্চকৰ হৈ উঠিছে এদিনীয়া বিশ্বকাপ। শীৰ্ষ চাৰিটা স্থানৰ বাবে তীব্ৰ যুঁজ দিছে প্ৰতিটো দলে। বৃহৎ ওলত ফেৰো দেখিবলৈ পোৱা গৈছে এইবাৰৰ এদিনীয়া বিশ্বকাপত। আজি ধৰ্মশালাত মুখামুখি হৈছে শীৰ্ষ দুটা স্থানৰ দল ভাৰত আৰু নিউজীলেণ্ড। ইতিমধ্যে এক অনন্য অভিলেখ স্থাপন হৈছে ২০২৩ ৰ এদিনীয় বিশ্বকাপত।
শনিবাৰে অনুস্থিত হয় এদিনীয়া বিশ্বকাপৰ দুখনকৈ খেল। ইয়ৰে প্ৰথমখন খেলত শ্ৰীলংকা আৰু দ্বিতীয়খনত অষ্ট্ৰেলিয়াই জয়লাভ কৰে। নেদাৰলেণ্ডৰ বিৰুদ্ধে শ্ৰীলংকাই জয়লাভ কৰাৰ লগে লগে ভংগ হয় ৩১ বছৰ আগৰ এক অভিলেখ।
এইবাৰ বিশ্বকাপত প্ৰত্যশিত প্ৰদৰ্শন আগবঢ়াব পৰা নাই এসময়ৰ অন্যতম শক্তিশালী দল শ্ৰীলংকাই। প্ৰথম তিনিখন মেচত পৰাজয়ৰ পাছত শনিবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে শ্ৰীলংকাই। আৰু ইয়াৰ লগে লগে ভংগ হয় ৩১ বছৰ আগৰ এক অভিলেখ। ভংগ হয় এদিনীয়া বিশ্বকাপৰ লীগ ষ্টেজত প্ৰতিটো দলে কমেও এখন মেচত জয়লাভ কৰাৰ অভিলেখ। ইয়াৰ পূৰ্বে ১৯৯২ চনৰ এদিনীয় বিশ্বকাপৰ লীগ ষ্টেজত প্ৰতিটো দলে জয়লাভ কৰিছিল কমেও এখনকৈ মেচত। তাৰ ৩১ বছৰ পাছত ২০২৩ বিশ্বকাপত ৰচিত হয় অনুৰূপ অভিলেখ।
১৯৯৬ বিশ্বকাপৰ পৰা ২০১৯ বিশ্বকাপলৈ লীগ ষ্টেজত কোনো নহয় কোনো দলে এখনো মেচত জয়লাভ কৰিব পৰা নাই। ১৯৯৬ বিশ্বকাপত নেদাৰলেণ্ডে এখনো মেচত জয়লাভ কৰিব নোৱাৰিলে। ১৯৯৯ বিশ্বকাপত কেনিয়া আৰু স্কটলেণ্ড পৰাজিত হৈছিল সকলো মেচত। ২০০৩ চনৰ বিশ্বকাপত নামিবিয়া আৰু বাংলাদেশে নেদেখিলে এখনো মেচত বিজয়ৰ মুখ। ২০০৭ বিশ্বকাপ্ৰ লীগ ষ্টেজৰ সকলো মেচত পৰাজিত হয় কানাডা, জিম্বাবৱে, স্কটলেণ্ড আৰু বাৰ্মুডা। ২০১৫ বিশ্বকাপত বিজয় বিমুখ হৈ ওভতে স্কটলেণ্ড আৰু ইউএই। ২০১৯ বিশ্বকাপৰ লীগ ষ্টেজৰ সকলো মেচতে পৰাজিত হয় আফগানিস্তান।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *