৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- যান্ত্ৰিক জীৱনত সকলো মানুহেই অভ্যস্ত হৈ পৰিছে। চহৰাঞ্চলত অত্যাধিক পৰিমানে বাঢ়িছে প্ৰদূষণ। ইয়াৰোপৰি বতাহত বিভিন্ন ভাইৰাছ, বেক্টেৰীয়া আৰু ধূলিকণা মিহলি হৈ থকাৰ বাবে ব্যক্তিৰ হাওঁফাওঁৰ সংক্ৰমণ বাঢ়িছে। নাকেৰে অক্সিজেন লোৱাৰ সময়ত শ্বাস-প্ৰশ্বাসৰ মাধ্যমেৰে প্ৰদুষিত বায়ু লোৱাৰ বাবেই এই সংক্ৰমণ বৃদ্ধি পাইছে। এই প্ৰদুষিত পদাৰ্থ তেজত মিহলি হৈ পৰে। তাৰপৰাই নানান সমস্যাৰ উদ্ভৱ হয়। প্ৰদূষিত বায়ুৰ প্ৰভাৱতেই এজমা, চিওপিডিৰ দৰে সমস্যা বৃদ্ধি পায়। ইয়াৰোপৰি হাওঁফাওঁৰ কৰ্কটো হ’ব পাৰে। পৰিবেশবিদ আৰু বিজ্ঞানীৰ দাবী, বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বঢ়াই তোলাৰ তিনিটা পৃথক কাৰণ আছে।

ধূমপান

হাওঁফাওঁৰ সমস্যা হোৱাৰ বিশেষ কাৰণ হৈছে ধূমপান। হাওঁফাওঁৰ সমস্যাত যদি ৬০ শতাংশ দায়ী ধূলিকণা তেন্তে বাকী ৰোৱা ৪০ শতাংশৰ দায় কিন্তু ধূমপানৰ। ইয়াৰ বাবেই হাওঁফাওঁৰ জটিল সমস্যাই দেখা দিব পাৰে। বহু দিন ধৰি চিপিওডিত আক্ৰান্ত, শ্বাসকষ্টৰ সমস্যাত এতিয়া বহুজনেই ভূগি আছে। নিজেই চিগাৰেট সেৱন কৰিলে হাওঁফাওঁৰ সমস্যা হয় তেনে নহয়। কাষত যদি কোনোৱে চিগাৰেটৰ ধোৱা উৰুৱাই তাৰ পৰাও এই ৰোগ হ’ব পাৰে।

জৈৱ জীৱাশ্ম ইন্ধন
ভাৰতৰ বিভিন্ন প্ৰদেশৰ গ্ৰাম্যাঞ্চলত এতিয়াও ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। মহিলাসকলৰ শ্বাসনলী, হাওঁফাওঁৰ সমস্যা বা কৰ্কটত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ হৈছে এই ইন্ধনৰ পৰা নিৰ্গত হোৱা ধোঁৱা। এই ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এল পি জি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। ইয়াৰোপৰি মুকলি ঠাইত খাদ্য ৰান্ধিলে ধোঁৱা চৌদিশে বিয়পি পৰে। এই ধোঁৱাই হাওঁফাওঁৰ সংক্ৰমণ বঢ়াই তোলে।

ৰেডন গেছ
প্ৰকৃতিয়েই এই গেছৰো উৎস। পাহাৰৰ মাটি আৰু পানীৰ মাজত বায়বীয় অৱস্থাত থকা এই ৰেডন গেছ গোন্ধহীন। সাধাৰণতে ঘৰত থকা ছিদ্ৰৰে এই গেছ ভিতৰত প্ৰৱেশ কৰি দীৰ্ঘ দিন পৰ্যন্ত ভিতৰত আৱদ্ধ হৈ থাকিব। বহু বছৰ ধৰি উশাহ-নিশাহত ৰেডন গেছ লৈ থাকিলে হাওঁফাওঁত সংক্ৰমণ হয়। চিকিৎসকে জনোৱা অনুসৰি এই ৰেডন গেছেই এতিয়া হাওঁফাওঁৰ সংক্ৰমণৰ প্রধান কাৰণ হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *