১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS –বজাৰত টাটাই মুকলি কৰিলে আন এখন বিশেষ বাহন। TATA Stryder Max ইলেক্ট্ৰিক চাইকেল মুকলি কৰিছে টাটাই। বিশেষ চাইকেলখন এবাৰ চাৰ্জ দিলেই ৩৫ কিঃমিঃ যাত্ৰা কৰিব পাৰে। ইয়াৰপূৰ্বেও Stryder Zeeta Plus নামৰ এখন চাইকেল মুকলি কৰিছিল টাটাই। টাটাই দাবী কৰিছিল যে এই চাইকেল এবাৰ চাৰ্জ দিলেই প্ৰায় ৪০ কিঃমিঃ যাত্ৰা কৰিব পাৰিব। অৰ্থাৎ প্ৰতি ১ কিঃমিঃ বাবদ খৰছ হ’ব মাত্ৰ ১০ পইছা। Stryder হৈছে টাটা গ্ৰুপৰ অধীনত চাইকেল নিৰ্মাণ কৰা এটা বিশেষ সংস্থা। Stryder য়ে বহু হাইব্ৰিড ইলেক্ট্ৰিক চাইকেল তৈয়াৰ কৰিয়েই থাকে। বৰ্তমান এই সংস্থাৰ অধীনত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ সকলোৰে বাবে চাইকেল নিৰ্মাণ কৰা হয়।

Stryder Zeeta Maxৰ বৈশিষ্ঠ্য

TATA Stryder Zeeta Max চাইকেল তৈয়াৰ হৈছে ষ্টিলৰ ফ্ৰেমেৰে। এই চাইকেলত লগোৱা বেটাৰীৰ কেপাচিটি হৈছে 36V, 7.5Ah, যিয়ে 270wh পৰ্যন্ত শক্তি উৎপাদন কৰিব পাৰে। এই বেটাৰী নন ৰিমভেৱেল। সংস্থাৰ দাবী যে, যিকোনো ৰাস্তাতেই এই চাইকেল চলাব পাৰি। বেয়া ৰাস্তাত যাত্ৰা কৰিবৰ বাবে আছে ছাচপেঞ্চন। এই চাইকেল সৰ্বোচ্চ ২৫ কিঃমিঃ প্ৰতি ঘণ্টাত যাত্ৰা কৰিব পাৰে। ইয়াত আছে ইউজাৰ ফ্ৰেণ্ডলি LCD ডিছপ্লে। চাইকেলখনৰ বেটাৰী ফুল চাৰ্জ হওঁতে সময় লাগে ৩ৰ পৰা ৪ঘণ্টা। ইয়াত আছে অটো কাট ব্ৰেক, ডিস্ক ব্ৰেক আৰু ছেফটি ফিচাৰ্ছ। ইয়াত ৫টা ৰাইডিং মুড লাভ কৰিব গ্ৰাহকে। ইয়াৰ আগৰ মডেলটো অৰ্থাৎ Zeeta Plusত আচে ৩টা ৰাইডিং মুড।Stryder Zeeta Max চাইকেলৰ দাম হৈছে ৩৫,৯৯৫টকা। এই চাইকেলৰ ওপৰত বিশেষ অফাৰো দি আছে টাটা গ্ৰুপ। ২৯,৯৯৫ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *