হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ

হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, অসমঃ আজি অসমৰ বিশিষ্ট কবি, গীতিকাৰ হীৰেন ভট্টাচার্যৰ একাদশ মৃত্যুবার্ষিকী। ১৯৩২ চনত যোৰহাটত জন্ম লাভ কৰা কবিগৰাকীয়ে খুব কম বয়সতে খোজ দিছিল কবিতাৰ পথাৰত। ১৯৫৭ চনত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমখন কবিতা পুথি ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’। হীৰেন ভট্টাচার্যৰ কবিতাৰ কাব্যিকতা আৰু কথনশৈলীয়ে আজিও মুগ্ধ কৰি ৰাখিছে পাঠকক। সুগন্ধি পখিলাৰ কবিৰূপে জনপ্ৰিয় কবিগৰাকীৰ আন কেইখনমান কাব্যগ্ৰন্থ হৈছে- ‘কবিতাৰ ৰ’দ’, ‘বিভিন্ন দিনৰ কবিতা’, ‘শইচৰ পথাৰ মানুহ’, ‘ভালপোৱা বোকা মাটি’ ইত্যাদি।

‘শইচৰ পথাৰ মানুহ’ কাব্যগ্ৰন্থৰ বাবে হীৰেন ভট্টাচাৰ্যই লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। হীৰুদাৰ কেইবাটাও কবিতাত কণ্ঠ নিগৰাইছে অসমৰ কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীয়ে। মৃত্যুকো শিল্প হিচাপে ভৱা শব্দৰ যাদুকৰগৰাকীয়ে ২০১২ চনত আজিৰ দিনটোতে সকলোকে কন্দুৱাই আঁতৰি গৈছিল। নৱম মৃত্যু বার্ষিকীত এইগৰাকী বিশিষ্ট কবিলৈ ‘অসম লাইভ ২৪’ৰ একাঁজলি শ্ৰদ্ধাঞ্জলি।

‘দুৰন্ত প্ৰতিভাক যেনেকৈ পাহৰিব নোৱাৰি, তেনেকৈ হীৰেন ভট্টাচাৰ্যৰ সৃষ্টিও জানো পাহৰিব পাৰি? তেওঁৰ প্ৰত্যেকটো কবিতাৰেই আছে নিজস্ব শৈলী৷ হীৰুদাৰ কবিতা সেয়ে হয়তো এবাৰ পঢ়িলেই মনত ৰৈ যায়!’ হীৰেন ভট্টাচাৰ্যক লৈ কবি নীলিম কুমাৰে কৈছিল এই কথা৷ ইয়াৰোপৰি নীলিম কুমাৰে কৈছিল, ‘হীৰুদাৰ কবিতা মানুহে মুখস্থ নকৰে। তেওঁৰ কবিতা আপোনা-আপুনি মানুহৰ কন্ঠস্থ হৈ পৰে। কাৰণ তেওঁৰ কবিতাই হৃদয়ত সৃষ্টি কৰে সংগীত। তেওঁৰ কবিতাই গুঞ্জনময় কৰি তোলে হৃদয়। আমাৰ হৃদয়ক আলোড়িত কৰিবলৈ তেওঁৰ শব্দই সেয়েহে বিচাৰি ফুৰে গান৷’

হীৰুদাৰ কোনটো কবিতাৰ কথা কওঁ.. কোনটো বাদ দিওঁ! হীৰেন ভট্টাচাৰ্যৰ কবিতা পঢ়িলে প্ৰত্যেকজন কাব্যপ্ৰেমীৰেই মনত হয়তো এই কথাৰ উদ্ভৱ হয়৷ ২০১১ চন, গুৱাহাটী গ্রন্থ মেলা৷ সেইখনেই হীৰুদাৰ জীৱনৰ শেষ গ্ৰন্থমেলা আছিল। উত্তৰ পূৰ্বাঞ্চলীয় কবিতা সমাৰোহত হীৰুদা আহি বহিছিল৷ কাষত আছিল কবি-নাট্যকাৰ ৰফিকুল হুছেইন। হীৰুদাৰ গা খুবেই বেয়া। উঠিল হঠাতে, যাবলৈ ওলাল। ৰফিকুল হুছেইনে বাধা দি কলে, ‘হীৰুদা আপুনি ইমান সোনকালে গুচি গলে শব্দৰ সুগন্ধি পখিলাজাকো দেখোন লগতে গুচি যাব।’

সেই কথাৰ প্ৰত্যুত্তৰত সেইদিনা চিৰপৰিচিত হাঁহিটোৰে কবিয়ে মাথোঁ ক’লে, ‘মইহে কেতিয়াবা নোহোৱা হৈ যাম। পখিলা জাক কিন্তু সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ হীৰুদাই সেইদিনা কোৱাৰ দৰেই তেওঁৰ শব্দৰ সুগন্ধি পখিলাজাক আজিও অগণন অনুৰাগীৰ বুকুৰ মাজত সোমাই আছে৷ প্ৰতিজন কাব্যপ্ৰেমীয়ে সযতনে আজিও হীৰুদাক সামৰি ৰাখিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *