হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?

হনুমানৰ দৰেই কঠোৰ হওক, ৰাক্ষসৰ বিৰুদ্ধে আমাৰ এই যুঁজ! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত কৰ্মীলৈ কি কি বাৰ্তা মোদীৰ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NBNEWS, ৰাজনীতি, ভাৰতঃ ঘটনাক্ৰমে এইবাৰ দুটা বিশেষ দিন একলগ হৈছে। হনুমান জয়ন্তী আৰু বিজেপিৰ প্ৰতিষ্ঠা দিৱস। বৃহস্পতিবাৰে দলটোৰ জন্মদিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ নেতাকৰ্মীসকলক হনুমানৰ দৰে হ’বলৈ আহ্বান জনাইছে। সংসদৰ বালাযোগী প্ৰেক্ষাগৃহত বিজেপিয়ে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসত প্রধানমন্ত্ৰী মোদী ভাৰ্ছুৱেলী উপস্থিত থকাৰ বিপৰীতে কেন্দ্ৰীয় বহু নেতা কৰ্মীসহিতে বিজেপিৰ সভাপতি জেপি নাড্ডাও উপস্থিত আছে। ভাৰ্ছুৱেলী মোদীয়ে দাঙি ধৰা বক্তৃতাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে।

‘ৰাক্ষসক পৰাস্ত কৰিবৰ বাবে হনুমান যেনেকৈ কঠোৰ হৈছিল তেনেকৈয়ে আপোনালোকেও মানসিকভাৱে প্ৰস্তুত হওক। ভাৰতমাতাক মুক্ত কৰিব লাগিব।’ বিজেপিৰ প্ৰতিষ্ঠা দিৱসত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিগত ৪৩ বছৰৰ বিজেপি নেতা-কৰ্মীৰ অক্লান্ত পৰিশ্ৰমৰ ফলতেই দলটো আজি শীৰ্ষত উপনীত হৈছে বুলিও দাবী কৰিছে প্রধানমন্ত্ৰীয়ে। প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘ইয়াতেই ৰৈ গ’লে নহ’ব। আমি আৰু আগুৱাই যাব লাগিব। ডাঙৰ সপোন দেখি সেই সপোন পূৰ্ণ কৰাৰ ক্ষমতা আমাৰ আছে।’ ২০২৪ চনৰ লোকসভা নিৰ্বাচনো ২০১৪ চনৰ ধাৰাবাহিকতা অটুত ৰাখিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰতিষ্ঠা দিৱসত মোদীয়ে কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰৰ কথাও উত্থাপন কৰে। ২০২৪ ৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা কাৰো পক্ষে সম্ভৱ নহ’ব বুলি কোৱাৰ উপৰিও মোদীয়ে কয় যে, ১৯৪৭ চনত ব্ৰিটিছে ভাৰত এৰিলেও তেওঁলোকৰ গোলামীৰ মানসিকতা শেষ হোৱা নাই। নিজৰ চৰকাৰৰ সাফল্যৰ কথা প্ৰকাশ কৰিবলৈ গৈ মোদীয়ে লগতে কয় যে, জম্মু কাশ্মীৰৰ ৩৭০ ধাৰা বাতিল কৰাটো প্ৰধান সাফল্য। এই ধাৰা উঠাই লোৱাৰ পাছতেই কাশ্মীৰত শান্তিৰ সুৰ্যোদয় হৈছে।

ইতিহাসে দাবী কৰামতে, জনসংঘৰ পৰা ১৯৮০ চনত জন্মলাভ কৰা বিজেপি দলৰ উত্থান একে ৰাতিৰ ভিতৰত হোৱা নাই। অটলবিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানীকে ধৰি বহু নেতাৰ কষ্ট পৰিশ্ৰমৰ ফলতেই দলটোৱে এই পৰ্যায় পাইছে। ৰাজনৈতিক বিশ্লেষকে প্ৰকাশ কৰা অনুযায়ী বাজপেয়ীহঁতে গঢ়ি যোৱা ভেটিটোৰ বাবেহে আজি মোদী অমিত শ্বাহে ভাৰতবৰ্ষত শাসনৰ বাঘজৰী ধৰিবলৈ সক্ষম হৈছে। দেশৰ ১৭ খন ৰাজ্যত আজি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে শাসনভাৰ চলাইছে।

৪৩ বছৰীয়া এই যাত্ৰাত বিজেপিয়ে কেইবাবাৰো মুখথেকেচাও খাইছে। ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত মাত্ৰ ২ খন আসনহে লাভ কৰিছিল বিজেপি দলে। দুবাৰকৈ জোটবন্ধনেৰে ক্ষমতা দখল কৰিলেও পুৰ্ণকালীন চৰকাৰ গঠন কৰিব নোৱাৰিলে বিজেপিয়ে। বাজপেয়ীৰ নেতৃত্বত প্রথম ১৩ দিন আৰু দ্বিতীয়বাৰ ১৩ মাহৰ চৰকাৰ গঠন কৰিছিল বিজেপি দলে।

কিন্তু তাৰপিছত ২০০৮ চনৰ পৰা লেথাৰিকৈ ১০ বছৰ ক্ষমতাৰ পৰা দূৰত আছিল বিজেপি দলটো। ২০১৪ চনৰ পৰা এই ছবি সলনি হৈছে। এইবাৰ মোদীৰ লক্ষ্য হৈছে ২০২৪ চনত জয়লাভ কৰাৰ। বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱসৰ ভাষণত এই মন্তব্যই দাঙি ধৰে বিজেপিৰ নেতৃবৃন্দই। ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ পৰাই বিজেপিয়ে আৰম্ভ কৰিছে ২৪ ৰ নিৰ্বাচনী কুচকাৱাছ। সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ স্থানত প্ৰতিষ্ঠা দিৱসো উদযাপন কৰিছে বিজেপি দলৰ কৰ্মীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *