হঠাতেই গোমা হৈ পৰিল ৰ’দালীৰ মনাকাশ! জোৰোণৰ বাবে অপেক্ষা কৰি থাকিল ৰদালীয়ে, ইফালে দৰা নয়ন আজিও নিৰুদ্দেশ

হঠাতেই গোমা হৈ পৰিল ৰ’দালীৰ মনাকাশ! জোৰোণৰ বাবে অপেক্ষা কৰি থাকিল ৰদালীয়ে, ইফালে দৰা নয়ন আজিও নিৰুদ্দেশ

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, জামুগুৰীঃ বিবাহৰ ব্যাপক আয়োজন। পদুলি উদুলি মুদুলি কইনাঘৰৰ। উখল মাখল পৰিবেশ হঠাতেই ম্লান পৰিল। চতিয়াৰ দৰাঘৰীয়া নাহিল জোৰোণ দিবলৈ। দৰাৰ বিৰুদ্ধে চতিয়া থানাত গোচৰ ৰুজু কৰিলে কইনাঘৰীয়াই।

চতিয়াৰ নাগশংকৰৰ কমাৰ চুকৰ পুনেশ্বৰ শইকীয়াৰ জীয়ৰী ৰদালী শইকীয়াৰ আজি জোৰোণ৷ পিছে জোৰোণ দিবলৈ নাহিল দৰা ঘৰৰ মানুহ৷ গহনা আনিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ হ’ল শ’লাল গাঁৱৰ দৰা নয়ন শইকীয়া৷ দৰাঘৰীয়াই জোৰোণ দিবলৈ নহাৰ বাবেই থানা পালেহি কইনা ঘৰৰ মানুহ৷ বিগত নৱেম্বৰ মাহৰ ৩০ তাৰিখে কন্যা ৰদালীক আঙুঠি পিন্ধাইছিল নয়নে। বিয়াৰ তিনিদিন আগলৈকে সকলো ঠিকেই আছিল৷ হঠাৎ দৰা নিৰুদ্দেশ হোৱাৰ বাবে হতভম্ব হৈ পৰে কইনাঘৰীয়া৷

ইতিমধ্যে ৰান্ধনী, বিয়াৰ টেন্ট, কেটেৰিং সকলো ঠিক ঠাক হৈছিল। কিন্তু জোৰোণৰ দিনা দৰা নিৰুদ্দেশ হোৱাৰ পিছতে হুৱাদুৱা লাগিল কইনা ঘৰত৷ ১২ বছৰ ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। বিবাহলৈ অধীৰ আগ্ৰহৰে ৰৈ আছিল কইনা ৰদালি৷ দৰা নয়ন নিৰুদ্দেশ হৈ পৰাত এতিয়া মৰ্মাহত হৈ পৰিছে কইনা ৰদালী৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *