সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?

সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী, যুগ্মজীৱনৰ ২২ বছৰ, স্বামী হিচাপে তেওঁ কিমান সফল?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, অসমঃ সফল স্বামী! সেইদিনা প্ৰেয়সীক কথা দিয়ামতেই তেওঁ আজি মুখ্যমন্ত্ৰী। যুগ্মজীৱনৰ ২২ টা বছৰ খুব কম দিনো নহয়! পত্নী ৰিণিকি ভূঞাৰ সৈতে একেলগে বাট বুলাৰ প্ৰতিশ্ৰুতিত আজিও অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বুধবাৰ অৰ্থাৎ ৭ জুন। ৰিণিকি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ২২ সংখ্যক বিবাহ বাৰ্ষিকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিবাহ বাৰ্ষিকীৰ দিনটোত সকলোৱে এবাৰ চৰ্চা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বক লৈ।

ডাইনেমিক শব্দটোৰ সঠিক প্ৰয়োগ কেৱল এটা নামৰ সৈতেই ভালধৰণে হয়। ২০২১চনৰ ১০মে’ৰ দিনটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক বৃহৎ পৰিৱৰ্তন আহিছিল। পদে পদেই প্ৰত্যাহ্বান। সকলোৰে মনত এটাই প্ৰশ্ন কোন হ’ব, কোন হ’ব? অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব? সৰ্বানন্দ সোনোৱাল নে হিমন্ত বিশ্ব শৰ্মা? সকলো কথাৰেই উত্তৰ দুবছৰ পূৰ্বে লাভ কৰিছিল অসমবাসীয়ে। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ নিজৰ তুলি লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এয়া ৰাজনীতিৰ কথা। ৰাজনীতিৰ এই পৰিক্ৰমা তেওঁ জানো অকলে আগবঢ়াই নিছে?

ৰাজনৈতিক সমূহ পৰিক্ৰমাৰ লগতে মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই শপত গ্ৰহণলৈ কাষে কাষে আছিল এগৰাকী বিশেষ মহিলা। তেওঁ আন কোনো নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা। প্ৰতিখোজতেই তেওঁক ছাঁ হৈ ৰৈ থকা মানুহগৰাকীয়েই ৰিণিকি ভূঞা শৰ্মা। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ দিনা তেওঁৰ কাষতে ৰৈ মাস্কখন ঠিক কৰি দিয়াৰ পৰা তেওঁৰ সেই সময়খিনিত সাহস যোগোৱা লৈ ছাঁ হৈ আছিল ৰিণিকি ভূঞা। বিভিন্ন সময়ত তেওঁক সাহ লৈ থিয় দিছে ৰিণিকি। সেই কৃতজ্ঞতা মুখ্যমন্ত্ৰীয়েও য’তেই যেনেকৈ পাৰে প্ৰকাশো কৰি আহিছে।

মুখ্যমন্ত্ৰী হোৱাৰ প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ কৰি কামকাজলৈ সকলোতেই আছে প্ৰত্যাহ্বান। কেতিয়াবা যদি সমালোচিত হৈছে, কেতিয়াবা সৰ্বশ্ৰেষ্ঠ বুলি আখ্যাও পাইছে। অসমবাসীয়ে সচৰাচৰ দেখা মুখ্যমন্ত্ৰীৰ চৰিত্ৰবোৰতকৈ পৃথক এক চৰিত্ৰৰ মুখামুখি হৈছে। কোনোৱে যদি এই পৃথক চৰিত্ৰটোৰ বাহ বাহ দিছে কোনোৱে আকৌ এয়া এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰ কেনেকৈ হ’ব পাৰে বুলি সমালোচনা কৰিছে। কিন্তু তেওঁ কৰ্মত অটল। তেওঁ যেনেদৰে অটল তেওঁৰ পত্নী ৰিণিকিও স্থিতঃপ্ৰজ্ঞ। নিজা কাম সূচাৰুৰূপে চলাই নিয়াত দুয়োৱেই কেতিয়াও ক’তো কোনো ত্ৰুটি এৰা নাই।

ৰাজনীতিৰ মানুহ তেওঁ, ৰাজনীতিৰ মাজে মাজেই চলি আছে ব্যক্তিগত জীৱন। ৰাজনীতিকৰ ব্যক্তিগত জীৱনতো প্ৰাইভেছীৰ স্থান খুবেই কম। তেওঁৰ ব্যক্তিগত দিনটোক সেয়ে অকলে উৎযাপন কৰাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন স্থানৰ শুভাকাংক্ষীয়ে সামাজিক মাধ্যমত তেওঁৰ বিশেষ দিনটোত শুভেচ্ছাৰে উপচাই পেলোৱাও এতিয়া পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *