সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে এইকেইটা কাম ভুলতো নকৰিব, অন্যথা মাতৃ আৰু সন্তানৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে

সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে এইকেইটা কাম ভুলতো নকৰিব, অন্যথা মাতৃ আৰু সন্তানৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, জীৱনশৈলীঃ কেইটামান ঘণ্টাৰ পাছতেই আৰম্ভ হ’ব বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ৷ কাইলৈ অৰ্থাৎ ২০ এপ্ৰিলৰ পুৱা ৭ বাজি ৫ মিনিটৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ৷ দুপৰীয়া ১২ বাজি ২৯ মিনিটলৈ থাকিব এই গ্ৰহণ৷ হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণৰ বিশেষ মহত্ব আছে৷ সূৰ্যগ্ৰহণৰ সময়ত বিশেষ কিছু কাম কৰিব নালাগে৷ গ্ৰহণৰ সময়ত কেতিয়াও কোনো শুভ কাম হাতত ল’ব নালাগে৷ গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বিশেষ কিছু সাৱধানতা অৱলম্বন কৰিব লাগে৷

সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ ওলাব নালাগে৷ গ্ৰহণৰ সময়ত বাহিৰলৈ ওলালে গৰ্ভজাত সন্তানৰ ওপৰত প্ৰভাৱ পৰে৷
গৰ্ভৱতী মহিলাই কেতিয়াও সূৰ্যগ্ৰহণ চাব নালাগে৷
গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই ভুলতো ধাৰ থকা সামগ্ৰী হাতত ল’ব নালাগে৷ অৰ্থাৎ কোনো সামগ্ৰী কাটিব নালাগে৷
সূৰ্য গ্ৰহণ শেষ হোৱাৰ পাছত গৰ্ভৱতী মহিলাই গা ধোৱাটো খুবেই প্ৰয়োজন৷ যদি গা ধোৱা সম্ভৱ নহয় তেন্তে ভৰি হাত হ’লেও ধুব লাগে৷
গ্ৰহণ লাগি থকাৰ সময়ক মনৰ ভিতৰতো কোনো মন্ত্ৰ জপ কৰিব লাগে নতুবা ভগৱানক ভক্তি কৰিব লাগে৷
গৰ্ভৱতী মহিলাসকলৰ শৰীৰত যাতে গ্ৰহণৰ বেয়া প্ৰভাৱ নপৰে তাৰবাবে মুখত এখন তুলসী পাত লৈ হনুমান চালিছা পাঠ কৰিব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *