সুলভ মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা; মহানগৰীৰ ক’ত ক’ত উপলব্ধ হ’ব সুলভ মূল্যৰ পিঁয়াজ?

সুলভ মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা; মহানগৰীৰ ক’ত ক’ত উপলব্ধ হ’ব সুলভ মূল্যৰ পিঁয়াজ?

পিঁয়াজ
পিঁয়াজ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

দুৰ্গা পূজাৰ ধামখুমীয়াৰ মাজতেই ৰকেট গতিৰে উৰ্ধমুখী হৈছে পিঁয়াজৰ মূল্য। পূজাৰ আগৰ ৪০-৫০ টকা দামৰ পিঁয়াজ পূজাৰ পাছত হঠাৎ ৭০-৮০ টকা হৈছে। এটা সপ্তাহতে ২০ পৰা ৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে পিঁয়াজৰ দাম। পিঁয়াজৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাৰ সময়ত নিৰ্বিকাৰ ভুমিকা পালন কৰিছে ৰাজ্যৰ যোগান বিভাগে। যোগানৰ নাটনিৰ বাবে পিঁয়াজৰ মূল্যবৃদ্ধি হোৱা বুলি অকপটে স্বীকাৰ কৰে যোগান মন্ত্ৰীয়ে। সেহতীয়াকৈ মন্ত্ৰী ৰঞ্জিত দাসে কয় যে বৰষুণৰ বাবে নাচিকৰ পৰা পিঁয়াজ আমদানি কৰিব পৰা হোৱা নাই আৰু সেইবাবেই গুদামত মজুত থকা পিঁয়াজ অধিক দামত বিক্ৰী কৰা হৈছে।
পিঁয়াজৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিবলৈ ওলোৱাত যোগান বিভাগে এক বিশেষ কাৰ্যসূচী হাতত লৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সুলভ মূল্যত পিঁয়াজ বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে। মোবাইল ভেনেৰে গুৱাহাটীৰ কেইবাটাও স্থানত নিৰ্ধাৰিত চৰকাৰী মূল্যত বিক্ৰী কৰা হ’ব পিঁয়াজ। মহানগৰীৰ ১২টা স্থানত উপলব্ধ হ’ব সুলভ মূল্যৰ পিঁয়াজ। এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এক জাননী।
চৰকাৰ নিৰ্ধাৰিত মূল্যত পিঁয়াজ বিক্ৰী কৰিবলগা স্থানসমুহ হৈছে ছয়মাইল (আইডিবিআই বেংকৰ সমীপত), বশিষ্ঠ বজাৰ, বেলতলা বজাৰ, গনেশগুৰি (পেট্ৰ’ল পাম্প আৰু উৰণ সেতুৰ মাজত), দিছপুৰ (গুৱাহাটী পৌৰ নিগম কাৰ্যালয়ৰ সমীপত), উলুবাৰী বজাৰ, উজানবজাৰ, চানমাৰি বজাৰ, পাণ্ডু বজাৰ, মালিগাওঁ বজাৰ, নুনমাটি বজাৰ আৰু হেঙেৰাবাৰী (জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সমীপত)।


অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য়বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈ আহিছে ৰাজ্য চৰকাৰ তথা বিয়াগোম যোগান বিভাগ। লক্ষ্যণীয়ভাবে আজিৰে পৰা বৃদ্ধি পাইছে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য। অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তে জনসাধাৰণৰ মূৰত আন এক ৰামটাঙোন সোধাইছে চৰকাৰে। ১০৩ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *