সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পাকিস্তানৰ বোৱাৰী সীমা হাইদৰ আৰু ভাৰতীয় প্ৰেমিক শচীন মিনাৰক বৰ্তমানলৈকে জেৰা চলাই আছে উত্তৰপ্ৰদেশৰ বিশেষ তদন্তকাৰী দলে৷ দুয়োৰে পৰা বহু নথিও লাভ কৰিছে তদন্তকাৰী দলটোৱে৷ শচীন আৰু সীমাৰ নথি জালিয়াতিৰে বনাই দিয়াৰ অপৰাধত দুই যুৱকক আটক কৰিছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে৷ দুই অভিযুক্ত পুষ্পেন্দ্ৰ মিনা আৰু পৱন মিনাই এটা জনসেৱা কেন্দ্ৰত দীৰ্ঘদিন ধৰি কাম কৰি আছিল৷ আৰক্ষীয়ে জনোৱা অনুসৰি, পুষ্পেন্দু আৰু পৱন সম্পৰ্কত ককাই-ভাই৷ শচীনৰ সৈতেও দুয়োৰে পাৰিবাৰিক সম্পৰ্ক আছে৷

সীমা-শচীনৰ নথি পৰিবৰ্তনৰ বাবে শচীন তেওঁলোকৰ কাষ চাপিছিল৷ সীমাৰ ভাৰতত প্ৰৱেশক লৈ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে ATSয়ে৷ যাৰবাবে আজিও সীমাৰ ওপৰত বিশেষ নজৰ ৰাখিছে দলটোৱে৷ সীমাৰ ভাৰতত অনুপ্ৰৱেশক লৈ ক্ৰমশ ঘনীভূত হৈছে ৰহস্যও৷ সীমা প্ৰকৃততে কোন? এই পৰিচয় আজিও উলিয়াব পৰা নাই তদন্তকাৰী দলটোৱে৷ সীমাক সন্দেহ কৰাৰ কাৰণ হৈছে সীমাই কেনেকৈ ইমান নিখুতভাৱে ভাৰতত সোমোৱাৰ পৰিকল্পনা কৰিলে? তদন্তকাৰী দলৰ সন্মুখত কেইবাটাও প্ৰশ্ন৷ সীমা প্ৰেয়সী, সীমা পাক গুপ্তচৰ নে সীমা কোনো পাক উগ্ৰপন্থী দলৰ সদস্য?

সীমাই গ্ৰেপ্তাৰৰ পাছত কৰা এটা মন্তব্যক লৈয়ো বাৰে বাৰে এতিয়া জেৰা চলাইছে তদন্তকাৰী দলটোৱে৷ সীমা কাৰাগাৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত দিয়া প্ৰথমটো মন্তব্যত কৈছিল, ‘মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছো৷ সেয়ে মোৰ নাম এতিয়া সীমা হাইদৰ নহয়, অকল সীমা৷ ইচ্ছা কৰিলে সীমা শচীন ক’ব পাৰে৷ আমাৰ সন্তানকেইটাৰ নামো পৰিবৰ্তন কৰিছো৷ সিহঁতৰ নাম এতিয়া ৰাজ, প্ৰিয়ংকা, পৰি আৰু মুন্নী ৰাখিছো৷ মই এতিয়া ভগৱানৰ উপাসনা কৰো৷ মই নিৰামিষ আহাৰ খাবলৈকো শিকিছো৷’

উল্লেখ্য যে, শচীনৰ পৰিয়ালে শেহতীয়াকৈ দাবী কৰামতে, সীমা-শচীনক বাৰে বাৰে তদন্তকাৰী দলে তলব কৰিছে৷ ইয়াৰ মাজতেই ভাৰতত থাকিবৰ বাবে সীমাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক আৱেদনো জনাইছে৷ সীমাই আৱেদনত উল্লেখ কৰিছে যে তেওঁ কোনো কাৰণতে আৰু পাকিস্তানলৈ উভতি নাযায়৷ সন্তানকেইটাক লৈ তেওঁ ভাৰততেই থাকিব৷ এই দেশৰ আইনে যদি শাস্তি দিয়ে তেন্তে সেয়াও মানি ল’বলৈ তেওঁ সাঁজু৷ কেৱল ৰাষ্ট্ৰপতিকেই নহয় এই একেই আৱেদন জনাইছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *