সহ অভিনেত্ৰীৰ সৈতে পৰকীয়া প্ৰেম কৰণ সিং গ্ৰোভাৰৰ! পত্নীৰ ৰাজহুৱা চৰতহে চৰিত্ৰত সালসলনি ঘটিল বিপাশাৰ স্বামী কৰণৰ…

সহ অভিনেত্ৰীৰ সৈতে পৰকীয়া প্ৰেম কৰণ সিং গ্ৰোভাৰৰ! পত্নীৰ ৰাজহুৱা চৰতহে চৰিত্ৰত সালসলনি ঘটিল বিপাশাৰ স্বামী কৰণৰ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, বলীউড বাৰ্তাঃ বিবাহৰ পাছত বলীউডৰ পৰা একেবাৰেই হেৰাই গৈছে অভিনেত্ৰী বিপাশা বসু৷ কন্যা দেৱীক লৈ খুবেই ব্যস্ত এতিয়া বিপাশা৷ সামাজিক মাধ্যমত স্বামী কৰণ সিং গ্ৰোভাৰৰ সৈতে মাজে মাজে কিছু ছবি পোষ্ট কৰে বিপাশাই৷ বিপাশা আৰু কৰণৰ বিবাহৰ ৭ বছৰ সম্পূৰ্ণ হ’ল যদিও কৰণৰ পৰকীয়া প্ৰেমৰ বিষয়সমূহ কিন্তু এতিয়াও চৰ্চাত৷

ধাৰাবাহিকৰ পৰা বলীউডৰ ছবিজগতলৈ অহা কৰণে বহুসময়ত তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেই চৰ্চা লাভ কৰি আহিছে৷ হিন্দী ধাৰাবাহিক ‘দিল মিল গয়ে’ৰ মাধ্যমেৰে জনপ্ৰিয় হৈ পৰা কৰণে প্ৰথমেই প্ৰেমৰ বান্ধোনত বান্ধ খাইছিল শ্ৰদ্ধা নিগমৰ সৈতে৷ প্ৰেমৰ পাছতেই দুয়োৰে বিবাহ৷ কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছিদিন নিটিকিল৷ ১০ মাহৰ পাছতেই দুয়োৰে বিচ্ছেদ হয়৷

তাৰপাছতেই কৰণে ডান্সৰ ৰিয়েলিটি শ্ব’ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে৷ সেই বিশেষ শ্ব’টোত কৰিঅ’গ্ৰাফাৰ হিচাপে আছিল নিকোল এলভাৰেছ৷ নিকোলৰ সৈতে বিবাহ বহিঃৰ্ভূত সম্পৰ্কত সোমাই পৰে কৰণ৷ সেই পৰকীয়া প্ৰেমৰ বাবেই শ্ৰদ্ধাই কৰণৰ পৰা বিচ্ছেদ বিচাৰে৷ শ্ৰদ্ধাৰ সৈতে বিবাহ বিচ্ছেদৰ তিনি বছৰৰ পাছত পুনৰ বিবাহপাশত আৱদ্ধ হয় কৰণ৷ সেইবাৰ তেওঁ বিয়া কৰোৱাই সহ অভিনেত্ৰী জেনিফাৰ উইংগেটক৷ ‘দিল মিল গয়ে’ ধাৰাবাহিকৰ শ্বুটিঙতেই দুয়োৰে চিনাকি হৈছিল৷ জেনিফাৰৰ সৈতে কিছুদিন প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতেই দুয়োৱে বিবাহৰ সিদ্ধান্ত লয়৷ জেনিফাৰৰ সৈতে কৰণৰ বিবাহে সকলোতে চৰ্চাও লাভ কৰে৷ বহু দৰ্শকেই এই তাৰকা যুঁটিটোক ভালো পাইছিল৷ কিন্তু কৰণৰ সৈতে সেই সম্পৰ্কতো ফাঁট মেলে নিকোলাৰৰ বাবেই৷ জেনিফাৰে জনোৱা অনুসৰি প্ৰাক্তন স্ত্ৰী শ্ৰদ্ধাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছিল কৰণে৷ কৰণৰ সৈতে একেখন ঘৰত থাকিলেও দুয়োৰে মাজত ভাল সম্পৰ্ক নাছিল৷

জেনিফাৰৰ সৈতে অশান্তি অহাত কৰণে শ্ৰদ্ধা আৰু নিকোলৰ সৈতে সম্পৰ্ক একেবাৰেই নৰখাৰ সিদ্ধান্ত লয়৷ নিজৰ ভুল বুজি কৰণে ক্ষমাও খোজে জেনিফাৰৰ ওচৰত৷ কিন্তু সম্পৰ্কলৈ কিছু মসৃণতা আহোতেই তৃতীয় ব্যক্তিৰ অবিৰ্ভাৱ হয় দুয়োৰে মাজত৷ ‘কবুল হে’ নামৰ হিন্দী ধাৰাবাহিকত কাম কৰিবলৈ সুবিধা পায় কৰণে৷ সেই ধাৰাবাহিকৰ প্ৰযোজক গুল খানৰ সৈতে আকৌ পৰকীয়া সম্পৰ্ক গঢ়ি তোলে কৰণে৷ কেৱল প্ৰযোজকেই নহয়, সহ অভিনেত্ৰী সুৰভি জ্যোতিৰ সৈতেও ধীৰে ধীৰে সম্পৰ্ক গভীৰ হৈ পৰে কৰণৰ৷ শ্বুটিং শেষ হ’লেও ঘৰলৈ অহাৰ পৰিবৰ্তে সুৰভীৰ সৈতে সময় কটোৱাৰ খবৰ লাভ কৰে পত্নী জেনিফাৰে৷ কৰণ আৰু সুৰভীক ধৰাও পেলায় জেনিফাৰে৷ আপত্তিকৰ অৱস্থাত দুয়োকে ধৰা পেলাই জেনিফাৰে লগে লগেই কৰণক ৰাজহুৱা স্থানতেই চৰ শোধাই জেনিফাৰে৷ কেৱল চৰ শোধোৱাই নহয় লগে লগে কৰণৰ সৈতে বিচ্ছেদৰ সিদ্ধান্ত লয়৷ দুবছৰ সংসাৰ কৰি ২০১৪ চনত কৰণ আৰু জেনিফাৰৰ সম্পৰ্ক বিচ্ছেদ হয়৷

বলীউডৰ একাংশই দাবী কৰা অনুসৰি তাৰপাছতেই কৰণে জনপ্ৰিয় অভিনেত্ৰী বিপাশা বসুৰ সৈতে ‘এলন’ ছবিত কাম কৰিবলৈ সুবিধা পায়৷ বিপাশাক কাষত পায় লগে লগেই বিপাশাৰ প্ৰেমত পৰে কৰণ৷ ২০১৫ চনত ‘এলন’ মুক্তি পোৱাৰ পিছত কৰণ আৰু বিপাশাৰ সম্পৰ্ক পোহৰলৈ আহে৷ এই খবৰ ভাইৰেল হৈ পৰাৰ কিছুদিন পাছত কৰণ আৰু বিপাশাই বিবাহপাশত আৱদ্ধ হয়৷ বিপাশাৰ সৈতে বিবাহৰ পাছত কৰণৰ তেনে কোনো পৰকীয়া প্ৰেমৰ কথা আৰু পোহৰলৈ অহা নাই৷ বিবাহৰ পাছত কৰণকো তেনে কোনো অভিনেত্ৰীৰ সৈতে অভিনয় কৰা দৃষ্টিগোচৰ হোৱা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *