‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল ত্যাগ কৰিলে এজন কৰ্মীয়ে। কৰ্মীগৰাকী আন কোনো নহয় তেওঁ হৈছে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক। অভিনেতাগৰাকীয়ে সামাজিত মাধ্যমযোগে প্ৰকাশ কৰিলে বিজেপি দলৰ পৰা পদত্যাগৰ কাৰণ।

অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে সামাজিক মাধ্যমত লিখিছে, ‘মই এজন অভিনেতা গতিকে এজন অভিনেতা তথা সাংস্কৃতি কৰ্মী হিচাপে জীয়াই থাকিব বিচাৰোঁ । আজিৰে পৰা মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। সকলো ত্যাগ কৰিলোঁ। বিজেপি দলৰ প্ৰাথমিক পদৰ পৰা ও বিদায় ললোঁ। লখিমপুৰ জিলা ৰ সাংস্কৃতিক সমন্বয় ক পদৰ পৰা ও বিদায় ললোঁ। কাকো পত্ৰ নিদিওঁ কাৰণ মোকো একো পত্ৰ দি মতা নাছিল। প্ৰতি জন বিজেপি দলৰ কৰ্মী ৰ ভাল কামৰ লগত সদায় আছোঁ থাকিম কিন্তু ৰাজনীতি আমাৰ বাবে নহয়। ধন্যবাদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ককাইদেউ, ধন্যবাদ ৰঞ্জিত দাস ডাঙৰীয়া, আশা বৰদলৈ, যতীন দা, চুৰঞ্জন দা।

সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ। অসমৰ ৰাইজে মোক ৰাজনৈতিক ব্যক্তি হিচাপে ভাল নাপায়। গতিকে সাংস্কৃতিক কৰ্মী হিচাপে ৰাইজৰ বিপদ আপদত মাত মাতি আহিছোঁ মাটি যাম। জাতি টোত কৈ ডাঙৰ মোৰ ৰাজনীতি নহয়। এটা ভুলৰ বাবে মই জীৱন তো গালি খাই জীয়াই থাকিব নোৱাৰো। ৰাইজ মোৰ বাবে ৰজা। মোৰ ভুলৰ বাবে অসম ৰ ৰাইজে ক্ষমা কৰি দিব বুলি সেৱা জনালোঁ। লখিমপুৰ বিজেপি ৰ সকলোকে ধন্যবাদ জনালোঁ। ইমান মৰম আদৰ দিলে। ভাল কৰ্ম ত সদায় লগত আছোঁ। বেয়া ত নাই। সময় থাকোতেই মই মোৰ নিজৰ পথত আহিলোঁ কাৰো প্ৰতি বেয়া ভাব নাই নাথাকে। দলত থাকি মই যদি কাকো সহায় কৰিব নোৱাৰো কিয় থাকিম ? মূল্যবৃদ্ধি অন্য এক কাৰক দল এৰাৰ। জয় আই অসম। আজিৰে পৰা, বৈকুণ্ঠ প্ৰিন্স অভিনেতা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *