সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

সংসদত প্রধানমন্ত্ৰীক প্ৰশ্নৰে থকা-সৰকা গৌৰৱ গগৈৰ! মোদীৰ মৌনতাৰ তিনিটা কাৰণ উদঙাই দি কি কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাহুল গান্ধীয়ে নহয় অনাস্থা প্ৰস্তাৱ অনাৰ আৰম্ভণি ভাষণ আৰম্ভ কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱে তেওঁৰ বক্তব্যত কয়, ‘অনাস্থা প্ৰস্তাৱ আমি আনিব বিচাৰিছো উপায়হীন হৈ। মণিপুৰৰ জনতাৰ বাবেই আমি এই প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছো। মণিপুৰ জনতাই আজি ন্যায় বিচাৰিছে। মাৰ্টিন লুথাৰে কৈছিল, কৰোৱাত অন্যায় হ’লে সেই অন্যায় সহি থাকিলে আমি যদি মনে মনে থাকো তেন্তে এদিন সকলোতে অন্যায় হ’লে আমি মনে মনে থাকিবলৈ বাধ্য হ’ব লাগিব। এই অন্যায় উত্তৰ পূবৰ এখন সৰু ৰাজ্যৰ সৈতে হোৱা নাই। এই অন্যায় হৈছে দেশৰ জনতাৰ লগত। মণিপুৰ যদি জ্বলি আছে ভাৰতো জ্বলি আছে। মণিপুৰৰ বিভাজন মানেই ভাৰতৰ বিভাজন। মণিপুৰ যদি জ্বলি আছে ভাৰতো জ্বলি আছে। আমি আজি এখন ৰাজ্যৰ কথা লৈ ইয়াত থিয় হোৱা নাই আমি ভাৰতৰ কথা কৈছো। আমি এটাই দাবী কৰিছিলো দেশৰ উচ্চ আসনত বহি থকা প্ৰধানমন্ত্ৰীয়ে মণিপুৰবাসীৰ বাবে কিবা এটা কওক কিবা এটা কৰক। কিন্তু তেনেকুৱা নহ’ল তেওঁ মৌনব্ৰত ল’লে। মণিপুৰৰ জনতাৰ আশাও তেওঁ ভংগ কৰিছে। মণিপুৰৰ জনতাই আশা কৰিছিল প্ৰধানমন্ত্ৰীয়ে কিবা এটা কৰিব। আমি প্রধানমন্ত্ৰীৰ মৌনব্ৰত ভাঙিব বিচাৰিছো। প্রধানমন্ত্ৰীলৈ আমাৰ মাত্ৰ ৩টা প্ৰশ্ন আছে।

প্রথম প্ৰশ্নটো হৈছে, আজিলৈকে মণিপুৰ তেওঁ কিয় নগ’ল। ইণ্ডিয়া এলায়েন্সৰ গোট গ’ল, ৰাহুল গান্ধী গল, অমিত শ্বাহ গ’ল কিন্তু প্রধানমন্ত্ৰী কিয় মণিপুৰ যাব নোৱাৰিলে?
দ্বিতীয় প্ৰশ্ন, এখন প্ৰদেশ জ্বলি আছে কিন্তু এই দেশৰেই প্রধানমন্ত্ৰীয়ে কিয় মণিপুৰ শব্দটো উচ্চাৰণ কৰিবলৈকে ৮০ দিন সময় ল’লে? মাত্ৰ ৩০ ছেকেণ্ডহে মণিপুৰৰ বাবে তেওঁৰ সময় হ’ল। মণিপুৰৰ বাবে তেওঁ কিয় মহত্বপূৰ্ণ শব্দবোৰ উচ্চাৰণ কৰিব পৰা নাই। শান্তিৰ আহ্বান তেওঁ কিয় কৰিব পৰা নাই?
তৃতীয় প্ৰশ্ন, প্রধানমন্ত্ৰীয়ে আজিলৈকে মণিপুৰৰ মুখ্যমন্ত্ৰীক কিয় বৰ্খাস্ত কৰিব নোৱাৰিলে? উত্তৰাখণ্ড, গুজৰাটত নিৰ্বাচন আহিলে তেওঁ মুখ্যমন্ত্ৰী সলাব পাৰে, কিন্তু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ মাজত কি এনে গুণ আছে যাৰ বাবে তেওঁক আজিলৈকে বৰ্খাস্ত কৰিব পৰা নাই? মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে নিজেই তেওঁৰ ব্যৰ্থতা স্বীকাৰ কৰা স্বত্ত্বেও তেওঁক কিয় এতিয়ালৈ আঁতৰাব পৰা নাই?

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে শান্তিৰ বাতাবৰণ সৃষ্টি কৰাত সম্পূৰ্ণ বিফল হৈছে। ডাবল ইঞ্জিনৰ চৰকাৰ থকিও বিগত দুবছৰ ধৰি অশান্তিৰ পৰিবেশে বিৰাজ কৰি আছে। উত্তৰ পূবত এনে সমস্যা হৈয়েই থাকে। কিন্তু মণিপুৰত যি হৈছে সেয়া সঁচাকৈয়ে ভাৱিবলগীয়া। মণিপুৰত দুটা জাতিৰ মাজত যি ঘৃণা এনে ঘৃণা মই উত্তৰ পূবৰ বাসিন্দা হৈয়ো কাহানিও দেখা নাছিলো। মোদীজী আপোনাৰ ৰাজনীতিৰ বাবেই আজি মণিপুৰ বিভাজন হৈছে। ৰজাৰ বাবেই আজি মণিপুৰ বিভাজিত হৈছে। আজিৰ এই পৰিস্থিতিৰ বাবে আটাইতকৈ বেছি হিংসাৰ বলী হৈছে নাৰীসকল। মই মণিপুৰ গৈছো, নিৰ্যাতনৰ বলি হোৱা দুগৰাকী মহিলাৰ ঘৰলৈকো গৈ তেওঁলোকৰ পীড়া মই শুনি আহিছো। যন্ত্ৰণা কাক কয় তেওঁলোকৰ চকুলৈ চালেই বুজিব। আপোনালোকে কৈছে আমি ফটোশ্বুট কৰিব গৈছো কিন্তু সেই ঠাইলৈ গ’লেহে আপুনি বুজিব মণিপুৰত কি হৈছে। মণিপুৰত আজিও ইণ্টাৰনেট কৰ্তন হৈ আছে, ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব পৰা নাই, মহিলাসকল নিৰ্যাতনৰ বলি হৈয়েই আছে কিন্তু এই পৰিস্থিতিটো মুখ্যমন্ত্ৰীয়ে একো মাত মতা নাই। এই প্ৰসংগত মাত মতাৰ সলনি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ মাফিয়াক সংৰক্ষণ দিয়াত লাগিছে।

আমাৰ প্ৰধানমন্ত্ৰীয়ে মৌনব্ৰত লোৱাৰ তিনিটা কাৰণ আছে বুলি আমি ভাৱো। এই তিনিটা কাৰণৰ ভিতৰত প্রথম কাৰণটো হৈছে, মোদীয়ে তেওঁৰ ভাৱমূৰ্তী ৰক্ষা কৰাত বিশেষ গুৰুত্ব দি আহিছে। তেওঁ মৌন হৈ থাকিলে তেওঁৰ ডাবল ইঞ্জিনৰ ৰাজ্য চৰকাৰৰ ছবি দেশৰ জনতাৰ চকুৰ পৰা লুকাই থাকে। দ্বিতীয় কাৰণটো হৈছে, তেওঁৰ গৃহবিভাগ আজি বিফল হৈছে। ৫০০০ তকৈয়ো অধিক অস্ত্ৰ মণিপুৰৰ জনতাৰ হাতে হাতে। মণিপুৰৰ আৰক্ষী চকীৰ পৰা অস্ত্ৰ লুটপাত কৰি লৈ গৈছে অথচ মোদীৰ গৃহবিভাগে একো কৰিব পৰা নাই। জনতাৰ হাতে হাতে একে ৪৭, লাখ লাখ গুলি এইবোৰ জানিও কিয় তেওঁৰ গৃহবিভাগে একো কৰিব পৰা নাই? এই যুদ্ধৰ অস্ত্ৰসমূহ কেৱল মণিপুৰত ৰৈ যাব তেনে নহয় এইবোৰ উত্তৰপূৱত বিয়পি পৰিব। অশান্তিৰ বাতাবৰণ উত্তৰপূবৰ পৰা সমগ্ৰ দেশলৈকে বিয়পি পৰিব তেতিয়া প্ৰধানমন্ত্ৰীকে কি কৰিব? কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা দলে কিয় এই বিষয়ত একো কৰিব পৰা নাই? শেষত আসাম ৰাইফলছৰ জোৱানকো মণিপুৰৰ পৰা আঁতৰাই অনা হ’ল ইয়াৰ আঁৰত কি ৰহস্য সোমাই আছে? মুখ খুলিলেই মোদীয়ে উত্তৰ দিব লাগিব সেয়ে তেওঁ মৌনব্ৰতত আছে। উত্তৰ পূবত মোদীৰ সকলো প্ৰতিশ্ৰুতিয়েই বিফল হৈছে। কি সফল কাম কৰিলে, মোদীয়ে উত্তৰ পূবৰ বাবে ক’ব পাৰিবনে? প্ৰথমবাৰ মই দেখিছো মোদীৰ নিজৰ ৰাষ্ট্ৰীয় সুৰক্ষা এনেকুৱা যে উত্তৰ পূবৰ দুখন ৰাজ্যৰ আৰক্ষীয়ে এটাক আনটোৱে গুলি চলায়।

প্রধানমন্ত্ৰী মোদীৰ মৌনব্ৰতৰ তৃতীয় কাৰণটো হৈছে, মোদীয়ে তেওঁৰ ভুল কেতিয়াও স্বীকাৰ কৰিব নোখোজে। জনতাৰ ওচৰত ভুল স্বীকাৰ কৰিব নোখোজা স্বভাৱটো তেঁওৰ আজিৰ নহয়। মণিপুৰেই নহয়, কৃষক আন্দোলন মোদীৰ বিফলতাৰ বাবেই হৈছিল তেতিয়া ৭৫০ কৃষক স্বহীদ হৈছিল তেতিয়া মোদী মনে মনে আছিল, দেশৰ কুস্তি খেলুৱৈৰ ওপৰত নিৰ্যাতন চলোতে মোদী মৌন হৈ আছিল, ৰাহুল গান্ধীৰ প্রশ্নত মোদী মৌন আছিল। ইয়াৰ আঁৰত এটাই কথা, তেওঁ নিজৰ বিফলতা, ভুল কেতিয়াও মানি ল’ব নোৱাৰে। প্রধানমন্ত্ৰী মোদীয়ে চীনৰ সমস্যাক লৈয়ো মনে মনে থাকে। চীনৰ বিদেশ মন্ত্ৰণালয়ৰ সৈতে মোদীয়ে গোপন আলোচনা কৰিছে কিন্তু কি আলোচনা কৰিছে আজিলৈকে মোদীয়ে কিয় দেশৰ জনতাক খুলি ক’ব নোৱাৰিলে?’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *