শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বছৰৰ এটা মাহত শিৱক বিশেষভাৱে আৰাধনা কৰা হয়। ২০২৩ চনত ১৯ বছৰ ধৰি বিশেষ যোগ পৰিছে শাওন মাহত। এই বছৰৰ শাওন মাহ মলমাহ পৰিছে। বৈদিক পঞ্জিকা অনুসৰি দুমাহ ধৰি এইবাৰ শাওন মাহ চলিব। আগন্তুক ১৪ আগষ্টত পালন কৰা হ’ব শাওন মাহৰ শিৱৰাত্ৰী। মহাশিৱৰাত্ৰী আৰু শাওন শিৱৰাত্ৰীৰ মাজত বিশেষ পাৰ্থক্য আছে। ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ। ইফালে বৈদিক পঞ্জিকা অনুসৰি শাওন মাহ আৰম্ভ হৈছে বিগত ৩ জুলাইৰ পৰা। শাওনৰ বিশেষ শিৱৰাত্ৰীৰ পৰা কেইটামান ৰাশিৰ ভাগ্য উদয় হ’ব।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলৰ বাবে আগন্তুক ১৪ আগষ্টৰ পৰা ভাল দিন আৰম্ভ হ’ব। এই সময়ত মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহিব। বৃষ ৰাশিৰ জাতক ব্যৱসায়ীসকলে এই সময়ত বহু লাভৰ সন্মুখীন হ’ব। আপোনাৰ দাম্পত্য জীৱনতো শিৱ-পাৰ্বতীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। এইসময়ত নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ পৰামৰ্শ দিছে জ্যোতিষীয়ে।

কৰ্কট ৰাশি
আৰ্থিক দিশৰ পৰা দেখা গৈছে যে শাওন মাহৰ কৰ্কট ৰাশিৰ ভাগ্য উদয় হ’ব। ধাৰ্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব। পেছাগত জীৱনত এই সময়ত মহাদেৱৰ আশীৰ্বাদ লাভৰ ফলত উন্নতি কৰিব। পাবলৈ থকা ধন উভতাই পাব। পৰিয়ালতো এই সময়ত সুখ শান্তিয়ে বিৰাজ কৰি থাকিব।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকক ভাগ্যৰ বৰপূত্ৰ বুলি কোৱা হয়। এওঁলোকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকেই। অবিবাহিতসকলৰ শাওন মাহৰ শিৱৰাত্ৰিত বিবাহৰ যোগ। বিবাহিত ব্যক্তিসকলৰ দাম্পত্য জীৱনত সকলো সমস্যাই দূৰ হ’ব। কাৰ্যালয়ত আপোনাৰ পৰিস্থিতি আৰু ভাল হ’ব।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকসকলৰো এই সময়ত ভাগ্য উদয় হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি পাব। প্ৰমোছন হ’ব পাৰে। এই সময়ত আৰ্থিক পৰিস্থিত উন্নত হ’ব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। এই সময়ত পৰিয়ালৰ সৈতে খুব আনন্দৰ সময় কটাব কন্যা ৰাশিৰ জাতকসকলে।

মীন ৰাশি
মীন ৰাশিৰ লোকসকল ধাৰ্মিক হোৱাৰ লগতে দয়ালু হয়। শাওন মাহৰ পৰাই এই ৰাশিৰ জাতকে যি কামেই আৰম্ভ নকৰক কিয় সফল হ’ব। স্বয়ং মহাদেৱে এওঁলোকক বিপদৰ পৰা ৰক্ষা কৰিব। এই সময়ত আপুনি জীৱনত প্ৰচুৰ উন্নতি কৰিব। সমাজত জনপ্ৰিয়তা বৃদ্ধি পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *