শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলে ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব, কি এই ৮ সামগ্ৰী?

শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলে ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব, কি এই ৮ সামগ্ৰী?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভগৱান শিৱক উপাসনা কৰিলে মনত শান্তিয়েই আহে তেনে নহয়। জীৱনত সুখ সমৃদ্ধিও আহে। শিৱ আৰু পাৰ্বতীক আৰাধনা কৰিলে দাম্পত্য জীৱন সুখকৰ হয় বুলি ধাৰণা। শাওন মাহ শিৱৰ প্ৰিয় মাহ বুলি জ্যোতিষশাস্ত্ৰতো উল্লেখ আছে। এই পবিত্ৰ মাহত শিৱক সন্তুষ্ট কৰিলে জীৱনলৈ শান্তি আহে। এই পবিত্ৰ মাহত ৮বিধ সামগ্ৰী ঘৰলৈ আনিলে সংসাৰত শান্তি সমৃদ্ধি বাঢ়ে।

দেৱাদিদেৱ মহাদেৱ অলপতেই সন্তুষ্ট হয়। গাখীৰ, গংগা জল, ধতুৰা ফুল, বেলপাত আদি দিলেই মহাদেৱ সন্তুষ্ট হয়। প্ৰতি সোমবাৰে মহাদেৱক পূজা অৰ্চনা কৰিলে ঘৰলৈ শান্তি আহে। শাওন মাহতেই শিৱৰ প্ৰিয় বাদ্যযন্ত্ৰ ডম্বৰু ঘৰলৈ আনিব পাৰে। লোকবিশ্বাস যে ডম্বৰুৰ শব্দত সমস্ত নেতিবাচক শক্তি দূৰ হয়। ঘৰ পবিত্ৰ হয়। ঘৰলৈ ৰুদ্ৰাক্ষ আনিব পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি শিৱৰ অশ্ৰুৰ পৰা ৰুদ্ৰাক্ষৰ উৎপত্তি। পূজাৰ স্থানত ৰুদ্ৰাক্ষ থব পাৰে। বা শৰীৰতো ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে।

শৰীৰত ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মহাদেৱ সন্তুষ্ট হয়। শাওন মাহত ৰুদ্ৰাক্ষ ঘৰত ৰাখিলেও ভক্তিসহকাৰে পূজা কৰা স্থানত ৰাখিব লাগে। ৰুদ্ৰাক্ষ ঘৰত থাকিলে জীৱনত সমৃদ্ধি আহে। ঘৰত ৰুদ্ৰাক্ষ থাকিলে সংসাৰত কেতিয়াও অৰ্থ বা শস্যৰ অভাৱ নহয়। বিবাহিত জীৱন মধুৰ হয়। ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মনত নেতিবাচক ভাৱে ক্ৰিয়া কৰিব নোৱাৰে। ঘৰত ৰূপৰ বেলপাত আনিব পাৰে। বেলপাত অবিহনে শিৱৰ পূজা অসম্পূৰ্ণ বুলি বহুতৰে ধাৰণা। কিন্তু মনত ৰখা প্ৰয়োজন যে বেলপাত অৰ্পণ কৰোতে চিঙি বা ফালি যাতে নাথাকে সেই কথাত মন দিব লাগে। শিৱক বেলপাত অৰ্পণ কৰিলে টকা পইছা সম্পৰ্কীয় বাধা আঁতৰ হয়।

শাওন মাহত ৰূপৰ বালা বা ব্ৰেছলেট পিন্ধাও ভাল। বিশ্বাস যে তীৰ্থযাত্ৰাৰ বাবে এই সময় শুভ। শাওন মাহৰ কোনো এটি সোমবাৰে আপুনি ৰূপৰ বালা বা ব্ৰেছলেট ক্ৰয় কৰিব পাৰে। ইয়াৰোপৰি ৰূপেৰে তৈয়াৰ কৰা ত্ৰিশূলো ঘৰলৈ আনিব পাৰে। ত্ৰিশূল হিন্দু ধৰ্মত অতি গুৰুত্বপূৰ্ণ। ত্ৰিশূলে নেতিবাচক শক্তি গৃহত প্ৰৱেশ কৰিবলৈ নিদিয়ে। ৰূপৰ নোৱাৰিলে তামৰ ত্ৰিশূলো ঘৰলৈ আনিব পাৰে।

জ্যোতিষশাস্ত্ৰত শাওন মাহত তাম বা ৰূপৰ নাগ ঘৰলৈ অনাটো মংগল বুলি কোৱা হয়। প্ৰতিখন পূজাতেই হিন্দু ধৰ্মাৱলম্বী লোকে গংগাজল ব্যৱহাৰ কৰে। যদি আপোনাৰ গৃহত গংগাজল নাই তেন্তে এই মাহতেই আনিব পাৰে। গংগাজলেৰে শিৱৰ অভিষেক কৰিলে শুভ বুলি ধাৰণা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *