শাওন মাহত এইকেইটা সপোন দেখা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থলাভৰ ইংগিত বহন কৰে এইকেইটা সপোনে

শাওন মাহত এইকেইটা সপোন দেখা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থলাভৰ ইংগিত বহন কৰে এইকেইটা সপোনে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শাওন হ’ল দেৱাদিদেব মহাদেৱৰ সকলোতকৈ প্ৰিয় মাহ৷ পুৰাণ অনুসৰি এই মাহত দেৱতা আৰু আৰু অশুৰে মিলি সমুদ্ৰ মন্থন কৰিছিল৷ সমুদ্ৰ মন্থনৰ ফলত ওলোৱা অমৃত দেৱতাসকলে পান কৰে আৰু সেই মন্থনত বিষো ওলাইছিল৷ সেই ভয়াৱহ বিষ হলাহল পান কৰে মহাদেৱে৷ বিষৰ ফলতেই তেওঁৰ ডিঙি নীলা হৈ পৰে৷ সেইবাবেই তেওঁৰ নাম নীলকণ্ঠ হৈ পৰে৷ মহাদেৱে শাওন মাহত যথেষ্ট কষ্ট কৰাৰ বাবে এই মাহটো শিৱৰ নামত সমৰ্পিত৷ শাওন মাহত শিৱৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰিয়েই ভক্তসকলে এই মাহত তেওঁক পূজা অৰ্চনা কৰে৷ শাওন মাহত শিৱ প্ৰসন্ন হ’লে ভক্তক আশীৰ্বাদো প্ৰদান কৰে৷ শাওন মাহত সপোনতো ভগৱান শিৱৰ দৰ্শন পোৱাটো অত্যন্ত শুভ৷ মহাদেৱৰ ওপৰিও কেইবিধমান সামগ্ৰী সপোনত দেথিলে অৰ্থলাভ হয় বুলিও জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷

সপোনত ক’লা শিৱলিংগ দেখা
শাওন মাহত সপোনত ক’লা শিৱলিংগ দেখাটো অত্যন্ত মঙ্গলজনক৷ শিৱৰ প্ৰিয় শাওনত ক’লা শিৱলিংগৰ দৰ্শন পোৱা মানে স্বয়ং মহাদেৱৰ দৰ্শন পোৱা৷ ইয়াৰ ফলত কোনো শুভ সংবাদো পাব পাৰে৷ কোনো বিবাহযোগ্য কুমাৰীয়ে সপোনত ক’লা শিৱলিংগ দেখিলেই বুজিব যে তেওঁ অচিৰেই জীৱনসংগী লাভ কৰিবলৈ গৈ আছে৷

সপোনত ডম্বৰু দেখিলে কি ভাল খবৰ পাব?

মহাদেৱৰ হাতত প্ৰতিসময়তে থকা এবিধ বাদ্য হৈছে ডম্বৰু৷ ডম্বৰুক শুভ শক্তিৰ প্ৰতীক বুলিও কোৱা হয়৷ শাওন মাহত সপোনত যদি ডম্বৰু দেখে তেন্তে আপুনি আৰ্থিক দিশত ভাল খবৰ পাব৷ পুৰাণ অনুসৰি বিশ্ব সৃষ্টিৰ সময়ত মহাদেৱে ডম্বৰু বজাই ১৪টা সুৰ সৃষ্টি কৰিছিল৷ সেয়ে সপোনত ডম্বৰু দেখাৰ বিশেষ তাৎপৰ্য আছে৷

সপোনত ত্ৰিশূল দেখা
ত্ৰিশূলো মহাদেৱৰ প্ৰতীক৷ আমাৰ তিনিগুণ, স্বত্ত্ব গুণ, তমো গুণ আৰু ৰজঃ গুণৰ প্ৰতীকেই হৈছে ত্ৰিশূল৷ সপোনত ত্ৰিশূল দেখিলেই বুজিব যে আপোনাৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ আছে৷ ইয়াৰ ফলত আপোনাৰ সকলো বিপদ কাটি যাব আৰু সকলো কামতেই আপুনি সফল হ’বই৷

সপোনত সাপ দেখা
শাওন মাহত সপোনত সাপ দেখাটো অত্যন্ত শুভ৷ মহাদেৱৰ ডিঙিত সাপ থাকে৷ শাওন মাহত সপোন দেখিলে প্ৰচুৰ অৰ্থলাভ কৰাৰ সম্ভাৱনা থাকে৷

নন্দীৰ দৰ্শন
ধৰ্মীয় বিশ্বাস অনুসৰি নন্দী নামৰ ষাঁড়টো হৈছে শিৱৰ বাহন৷ শাওন মাহত সপোনত ষাঁড়ৰ দৰ্শন লাভ কৰাটো অত্যন্ত শুভ৷ মহাদেৱৰ নিৰ্দেশতেই সপোনত নন্দীয়ে দৰ্শন দিবলৈ আহে৷ অৰ্থাৎ শিৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *