লাচিত দ্য ৱাৰিয়ৰলৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ বঁটা

লাচিত দ্য ৱাৰিয়ৰলৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ বঁটা

লাচিত দ্য ৱাৰিয়ৰ
লাচিত দ্য ৱাৰিয়ৰ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অসমৰ ছবিজগতৰ বাবে এক গৌৰৱৰ খবৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে আন এখন অসমীয়া চুটি ছবি। বীৰছামুণ্ডা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত লাচিত দ্য ৱাৰিয়ৰে শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ বঁটা লাভ কৰিছে।
পাৰ্থসাৰথি মহন্তৰ ৰচনা আৰু পৰিচালনাৰ লাচিত দ্য ৱাৰিয়ৰ ছবিখনৰ প্ৰযোজনা মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ। চেন্নাইত অনুষ্ঠিত বীৰছামুণ্ডা ইণ্টাৰ্নেচনেল ফিল্ম ফেষ্টিভেলত এইবাৰ বিশ্বৰ ১২০০ তকৈও অধিক ছবিয়ে লাভ কৰিছিল প্ৰৱেশ। ছবিখনৰ সংগীত ৰূপম তালুকদাৰৰ। লাচিত দ্য ৱাৰিয়ৰৰ সৃজনশীল পৰিচালক অনুপম মহন্ত, কাহিনীকাৰ আৰু চিত্ৰকাৰ হৃষিকেশ বৰা। ছবিখনৰ ভিএফএক্স ৰাতুল দত্তৰ।


আন এক গৌৰৱৰ কথা যে, লাচিত দ্য ৱাৰিয়ৰ ছবিখন এতিয়ালৈ আঠখন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে আৰু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লী, কলকাতা, জয়পুৰৰ উপৰিও মুম্বাইত অনুষ্ঠিত মুম্বাই নৰ্থ-ইষ্ট ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শিত হৈছে। অক্টোবৰ মাহত দিল্লী শ্বৰ্টছ ইণ্টাৰ্নেচনেল ফিল্ম ফেষ্টিভেলতো শ্ৰেষ্ঠ এনিমেশ্যনৰ বঁটা লাভ কৰিছিল লচিত দ্য ৱাৰিয়ৰে। ইয়াৰ পূৰ্বে ছবিখনে সন্মানীয় চম্বল আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ এনিমেশ্যন ছবি শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰে।
আনহাতে, গোৱাত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়াৰ সন্মানীয় ইণ্ডিয়ান পেনোৰামা শিতানলৈও নিৰ্বাচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *