লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাজ্যজুৰি ৰঙালীৰ উছাহ। ৰঙালী বিহুক লৈ ব্যস্ততাৰ সীমা নোহোৱা হৈছে প্ৰত্যেকগৰাকী জীয়াৰী-বোৱাৰীকে ধৰি ডেকা গাভৰু সকলোৰে। যেন গাত তৰণি নাই। ঢোল-পেঁপাৰ শব্দত ৰজনজনাইছে ৰাজ্য। বিহু কৃষিভিত্তিক এক উছৱ। সাতবিহুৰ আৰম্ভনি হয় গৰু বিহুৰে৷ তাৰপিছতেই মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু। সাত বিহুৰ নাম মনত ৰাখিলেই জানো বিহু ন প্ৰজন্মৰ মাজত জী থাকিব? বিহুক জীয়াই ৰাখিবলৈ হ’লে, প্ৰতিজন অসমীয়াই গাৱলীয়া সমাজখনৰ শিপাডালক বিচাৰিব লাগিব। ঢেকী, ঢোল আৰু কুলিৰ মাতত ৰঙীন হয় প্ৰকৃতি সেয়া নতুন প্ৰজন্মই চিনি পাব লাগিব৷ ৰহিৰ বাটিতেই মজি নাথাকি নাঙলৰ মুঠি খামুছি ধৰি অসমীয়াই ক’ব লাগিব কৃষি অবিহনে সংস্কৃতি অৰ্থহীন৷

আজি গৰু বিহু। পথাৰখন এৰি, গোহালিৰ গৰু কেইটাক বাদ দি বহাগ বিহু সদায়ে আধৰুৱা। ব’হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হল এশ এবিধ শাক খােৱা। সাধাৰণতে ব’হাগৰ বিহুৰ বতৰত খােৱা এনে শাকৰ ঔষধি গুণে জ্বৰ, কাহ, চর্দি আদিৰ উপশম ঘটায় বুলি অসমীয়া সমাজত লোকবিশ্বাস আছে। উজনি অসমৰ লগতে নামনি অসমত এনে এশ এবিধ শাক খােৱাৰ প্ৰচলন বিদ্যমান। ব’হাগ মাহত মহিলাসকলে মূৰত শৰাই লৈ গীত গাই পথাৰত শাক তুলিব যায় আৰু এটুকুৰা ঠাইত থাপনা পাতি চাকি বন্তি জ্বলাই চেনি আৰু নিমখৰ নৈবেদ্যৰে নাম-কীর্তন কৰি আনন্দ উল্লাসেৰে শাক তুলে।

এই এশ এবিধ শাক ঠাই বিশেষে বেলেগ বেলেগ।ব’হাগ মাহৰ যিকোনাে এটা দিনত এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা এটা আছে । কোনাে কোনাে ঠাইত গৰু বিহুৰ দিনাখন সন্ধিয়া এনে বনৌষধি শাক খােৱা হয় । সাধাৰণতে সহজতে পােৱা শাকেই ব্যৱহাৰ কৰা হয় ।সহজতে লাভ কৰা এনে শাক কিছুমান হ’ল জাতিলাউ, বেঁকীয়া, চেংমৰা, ভাত মেটেকা, বিহলঙণি, বৰপুৰৈ, লাচকচি, মধুৰি, মৰাণ আদা, কলা শিমলু, চাংগুৰি টেঞ্জ, মধুসালেং, লৰবৰুৱা, ধুটনি, হেলচি শাক, ৰঙালাউ, কলমৌ, মেচাকি, কচলু, মেজেঙা, কোমােৰা কাবৰি, বালি চাপৰি, লফা, চুটিয়া, পালেং, লাই শাক, মেমধু, চলাপালেং, খুতুবা, মাটিমাহ, বেঙেনা, কেৰেলা, জালুক, ভেকুৰী, জিকা, ধুন্দুলি, ভােল, বিলাহী, ভাতকেৰেলা, কলিয়াকচু, দাদাহক, নীলকণ্ঠ, চা, কৰ্শলা বন, জেটুলিপকা, দীঘলতি, জেকা, আনাৰস, দুৱৰি, তুলসী, বৰ মানিমুণি, সৰুমানিমুণি, কুকুৰে মতা, মানভােগ, পনৌনােৱা, তিতাবাহেক, টিকনিবৰুৱা, কৈ-কৈ টেঙা, বনি লতা, উচ্চ, ভেদাইলতা, হেটভেদালি, গান্ধ বিৰিণা, খেৰেজু, বহমথুৰি, তিল, তেতেলি, কেহৰাজ, শেলুক, কেহেৰু, বেতগাজ, তংলতি, সেউতি, তগৰ, খৰিকাজাই, পাৰিজাত, বকুল, কণ্ঠনা, নাহৰ, কপৌফুল, কেক্কেী, চিংৰা, দোৰোণ বন, কেঁতুৰী, লং, গুৱামানি, পদুম, ফুটুক, আদা, এডালিয়া কচু, কচু, বিৰিণা, বছ, মাধৈলতা ইত্যাদি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *