যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

যি নামেৰেই নামাতক কিয়, মণিপুৰবাসীৰ চকুপানী আমি মচিমেইঃ ৰাহুল গান্ধী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নতুন বিৰোধী জোঁট ইণ্ডিয়া (ইণ্ডিয়ান নেশ্ব্যনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স) সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আক্ৰমণাত্মক মন্তব্যৰ প্ৰত্তু্ত্ত্যৰ দিছে ৰাহুল গান্ধীয়ে৷ মঙলবাৰে দুপৰীয়া টুইটাৰত ৰাহুলে লিখিছে, ‘মোদীজী আপুনি যি নামেৰেই আমাক নামাতক কিয়, আমি ‘ইণ্ডিয়া’৷ মণিপুৰৰ ঘটনাক লৈ আমি আগবাঢ়ি আহিছো আৰু তেওঁলোকৰ হৈ আমি মাত মাতিছো, মাতিও যাম৷ মণিপুৰৰ মহিলা, শিশুৰ চকুপানী আমি মচিম৷ তেওঁলোকৰ কাষত আমি থিয় দিমেই৷ আমি মানুহৰ মাজত শান্তি আৰু ভালপোৱা বিলাবলৈ যত্ন কৰিম৷ মণিপুৰত আমি ভাৰতীয়, এই চেতনা পুনৰ জগাই তুলিম৷’

মণিপুৰৰ ঘটনাক লৈ বিৰোধীসকলৰ ধাৰাবাহিক বিক্ষোভক গুৰুত্ব দিয়া নাই শাসক দলে৷ মণিপুৰৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীয়ে কোনোধৰণৰ মন্তব্য নকৰাক লৈ বিৰোধীয়ে উত্তাল কৰিছে সদন৷ সোমবাৰে পুৱাও অধিবেশনতেই মোদীয়ে ইণ্ডিয়াক ‘ইণ্ডিয়ান মুজাহিদিন’ বুলি ঠাট্টা কৰিছিল৷ সেই ঠাট্টাৰেই প্ৰত্তুত্ত্যৰ দিছে ৰাহুল গান্ধীয়ে৷

মোদীৰ এই মন্তব্যক লৈ মঙলবাৰে সংসদত প্ৰতিবাদো কৰিছে বিৰোধী সাংসদসকলে৷ তেওঁলোকৰ দাবী, প্ৰধানমন্ত্ৰীৰ আতংকৰহে এয়া বহিঃপ্ৰকাশ৷ কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী নেতাসকলক মল্লিকাৰ্জুন খৰ্গেই কয়, ‘পাটনা আৰু বাংগালুৰুত আমাৰ সফল বৈঠক দেখি প্ৰধানমন্ত্ৰী চাপত পৰিছে৷ সেয়ে এই ভিত্তিহীন অভিযোগ আনিছে৷’

ইফালে তৃণমূলৰ ৰাজ্যসভাৰ নেতা ডেৰেক ওব্ৰায়নৰ মন্তব্য, ‘সংসদৰ অধিৱেশন চলিছে৷ প্ৰধানমন্ত্ৰীয়ে যি কৈছে তেওঁ সংসদত আহি কওক৷ আমি তেওঁৰ অপেক্ষাতেই আছো৷ তেওঁ অধিবেশনত আহি মুখ খুলিবলৈ সাহস নাই বাবেই য’তে ত’তে এই মন্তব্য কৰি ফুৰিছে৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *