মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

মেৰাপানীত অমানৱীয় ঘটনা, প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

মেৰাপানীত সংঘটিত হৈছে অমানৱীয় ঘটনা ।পাঠদানৰ সময়ত দুষ্টামি কৰাৰ অজুহাতত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে কণমানি ছাত্ৰ এজনক। ঘটনা গমাৰি ফুলনি প্ৰাথমিক বিদ্যালয়ৰ । পাঠদানৰ সময়ত দুষ্টামি কৰাৰ অজুহাতত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনিল বৰাই নিৰ্দয়ভাৱে প্ৰহাৰ কৰে কণমানি ছাত্ৰজনক ।  এই অমানুষিক ঘটনাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক । কিছুদিন পূৰ্বে এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল কণমানি ছাত্ৰজনৰ। তেনেস্থলত বৰ্তমানেও শাৰীৰিক দুৰ্বলতাত ভুগি থকা ছাত্ৰজনক প্ৰহাৰৰ ঘটনাত সহজভাৱে ল’ব পৰা নাই অভিভাৱকৰ লগতে স্থানীয় ৰাইজে ।

সম্প্ৰতি শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা শংকিত কণমানিটো অপ্ৰস্তুত বিদ্যালয়লৈ যাবলৈ। অৱশ্যে এই কাৰ্য সংঘটিত কৰি অনুতপ্ত প্ৰধান শিক্ষকজনো । তথাপিও এটি কণমানি শিশুক এগৰাকী দ্বায়িত্বশীল শিক্ষকে এনেদৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *