‘মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে

‘মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিয়েই এদিন ঘৰৰ পৰা আঁতৰি আহিছিল। ইয়াৰপাছতেই হাড়ভঙা পৰিশ্ৰম। কঁপালৰ ঘাম মাটিত পেলাই তেওঁ খেলত মনোনিৱেশ কৰিছিল। ক্লাব ক্ৰিকেটৰ পৰা ভাল খেলাৰ বাবেই ৰঞ্জী ট্ৰফি খেলাৰ সুযোগ লাভ কৰিছিল। ৰঞ্জী ট্ৰফীৰ পৰাই মুকেশ কুমাৰৰ আইপিএলত প্ৰৱেশ। তাৰপিছত আৰু উভতি চাব লগা হোৱা নাই মুকেশে।

মুকেশে এইবাৰ ইণ্ডিয়ান টীমৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে। ক্লাব ক্ৰিকেটত ভাল খেলাৰ বাবে ৰঞ্জী ট্ৰফিত সুযোগ লাভ কৰিছিল। সেই পাৰ্ফৰমেন্স আজিও অটুত আছে। জাতীয় দলৰ হৈ আইপিএল খেলি থকাৰ সময়তো মুকেশৰ আৰ্থিক অৱস্থা বিশেষ ভাল নাছিল। সেয়ে মুকেশে এসময়ত ক্ৰিকেট বাদ দি আৰক্ষীত যোগদানৰো পৰিকল্পনা কৰিছিল। চিআৰপিএফ আৰু বিহাৰৰ আৰক্ষীয়ে চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰিও লৈছিল। কিন্তু ক্ৰিকেট তেওঁৰ প্ৰথম ভালপোৱা। সেয়ে অভাৱত থাকিও ক্ৰিকেট এৰা তেওঁৰ বাবে সম্ভৱ নহ’ল। এই কষ্টৰ ফল মুকেশে লাভ কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইণ্ডিয়া টীমৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে মুকেশে। বিহাৰত থকা তেওঁৰ পিতৃ-মাতৃক ফোনযোগে এই সুখবৰটো জনাইছে মুকেশে। BCCIৰ সেই ভিডিঅ’ টুইটাৰত শ্বেয়াৰো পৰিছে মুকেশে। আৱেগিক হৈ পৰা মুকেশে তেওঁৰ মাতৃক ফোনযোগে কি ক’লে?

BCCIয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে মুকেশ কুমাৰে তেওঁৰ মাতৃক কৈছে, ‘৩০৮ নম্বৰৰ এই কেপটো অশ্বিন ভাইয়ে মোক দিছে। আজি মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ দিন। ইমান বছৰৰ পৰিশ্ৰমৰ ফল মই আজি পাইছো।’ তাৰপাছতেই মুকেশে মাতৃক ফোনযোগে কয়, ‘মা তোমাৰ ইমান বছৰৰ পূজা অৰ্চনা আজি সফল হ’ল। দেশৰ হৈ খেলাৰ সুযোগ মই লাভ কৰিছো।’ মুকেশৰ কথা শুনা মাত্ৰতেই মাতৃয়েও আৱেগিক হৈ মুকেশক ভালধৰণে আগুৱাই যাবলৈ পৰামৰ্শ দিয়াৰ লগতে সুখী থাকিবলৈকো পুত্ৰক কয়। তাৰপিছতেই মুকেশে সংবাদমাধ্যমৰ সন্মুখত দিয়া মন্তব্যত কয়, ‘মায়ে কৈছে মই সকলোসময়তে যাতে সুখী থাকো। তেওঁ বিচাৰে মই জীৱনত যাতে আৰু উন্নতি কৰিব পাৰো। মই বহুত সুখী। মই বুজাব নোৱাৰো মই কিমান সুখী। আৰু মোৰ মায়ে মোক অত্যাধিক ভালপায়। সেয়ে আজি মাও বহুত সুখী। এই সুখৰ অনুভূতি কেনেকুৱা আপোনালোকক মই বুজায় ক’ব নোৱাৰিম।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *