‘মই কিডনী বিক্ৰী কৰি ধন দিম আৰক্ষীক’; পুত্ৰৰ ন্যায় বিচাৰি অজয় দত্তৰ মাতৃৰ কাতৰ অনুৰোধ

‘মই কিডনী বিক্ৰী কৰি ধন দিম আৰক্ষীক’; পুত্ৰৰ ন্যায় বিচাৰি অজয় দত্তৰ মাতৃৰ কাতৰ অনুৰোধ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

চাৰিদিন উকলিবৰ হ’ল দেৰগাঁৱৰ অজয় দত্তৰ আত্মহননৰ ঘটনাৰ। কান্দি কান্দি সময় পাৰ কৰিছে অজয়ৰ মাতৃয়ে। ন্যায় বিচাৰি দেৰগাঁও থানাৰ সন্মুখত অজয়ৰ মাতৃ, ভাতৃ আৰু স্থানীয় লোক। কিন্তু এতিয়াও চিনাক্ত হোৱা নাই দোষী। ঘটনাৰ লগত জড়িত অভিযুক্তক শাস্তি দিয়াৰ বিপৰীতে দেৰগাঁও আৰক্ষীয়ে অজয়ৰ পৰিয়ালটোক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। দোষীক চিনাক্ত নকৰিলে গুলীয়াই মাৰিবলৈ আহ্বান জনালে অজয়ৰ মাতৃয়ে।
আৰক্ষীক যদি টকাৰ প্ৰয়োজন তেন্তে কিডনী বিক্ৰী কৰি হ’লেও ধন দিবলৈ সাজু অজয়ৰ মাতৃ। থানাৰ পৰা অজয়ৰ মাতৃক খেদি পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে। জ্বৰৰ গাৰে থানালৈ আহি বিমুখ হ’বলগীয়া হৈছে অজয়ৰ মাতৃ। যদি ঘটনাৰ বিচাৰ নকৰে তেন্তে হেৰুওৱা পুত্ৰক জীৱন্তে বিচাৰিছে অজয়ৰ মাতৃয়ে।
এনে এটা ঘটনা হোৱাৰ পাছত দেৰগাঁৱৰ বিধায়ক ভৱেন ভড়ালী টোপনিত থকা বুলি অভিযোগ উত্থাপন কৰিছে অজয়ৰ ভাতৃয়ে। এটা ফোন কৰিও পৰিয়ালটোৰ খবৰ লোৱা নাই বিধায়ক ভৱেন ভড়ালীয়ে।
আৰক্ষী অকল টকাৰ লুভীয়া বুলি দেৰগাঁও থানা চৌহদত অভিযোগ অজয়ৰ মাতৃ-পৰিয়ালৰ লোকৰ। চহকী মানুহে টকা দিলে পুলিচে কেচ আদৰি লয় আৰু দুখীয়া হোৱাৰ বাবে বাবে কেচটো আদৰি লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে অজয়ৰ মাতৃয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ পাছতে তদন্ত ঘোষণা কৰিছিল আৰক্ষী সঞ্চালকপ্ৰধানে। কিন্তু ইয়াৰ পাছতো ঘটনাৰ তদন্তত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে অজয়ৰ পৰিয়াল আৰু স্থানীয় লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *