ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সাংসদ পদ ঘূৰাই পোৱাৰ পাছত তুঘলকৰ ১২ নম্বৰ লেনত থকা বাংলো ঘূৰাই পালে ৰাহুল গান্ধীয়ে। বাংলো ঘূৰাই পোৱাক কেন্দ্ৰ কৰি সাংসদগৰাকীয়ে দাঙি ধৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া। তেওঁ প্ৰথমটো প্ৰতিক্ৰিয়াতেই কয়, ‘সমগ্ৰ হিন্দুস্তানেই মোৰ ঘৰ।’ বিগত এপ্ৰিল মাহত সাংসদ পদ হেৰুৱাই গৃহহীন হৈছিল ৰাহুল গান্ধী। বিগত ১৯ বছৰে বাস কৰি অহা বাংলোটো হাঁহিমুখে খালি কৰি দিছিল ৰাহুলে। কিন্তু ৩ মাহ পাছতেই আকৌ সেই বাংলোটো ৰাহুলক উভতাই দিয়া হৈছে। সাংসদৰ সদস্যপদ আকৌ লাভ কৰাৰ পিছতেই হাউছিং বৰ্ডে ৰাহুলৰ বাংলোটো ওভটাই দিছে।

টুইটাৰৰ প্রফাইল সলনি কৰিলে ৰাহুলে
সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদৰ সদস্যপদ ঘূৰাই পাইছে। সোমবাৰে দুপৰীয়াই তেওঁ সংসদৰ চৌহদত আকৌ প্ৰৱেশ কৰিছে। ইয়াৰ পাছতেই তেওঁ সামাজিক মাধ্যমত সলনি কৰিছে প্ৰফাইল। সাংসদ পদ হেৰুৱাৰ পাছত তেওঁ নিজা টুইটাৰ প্রফাইলত লিখিছিল Dis’Qualified MP, সেই বিশেষ প্ৰফাইলটো সোমবাৰে সলনি কৰিছে ৰাহুলে। এইবাৰ ৰাহুল গান্ধীয়ে তেঁঁওৰ টুইটাৰ প্ৰফাইলত লিখিছে Member of Parliament.

অনাস্থা প্ৰস্তাৱৰ ভাষণৰ আঁত ৰাহুল গান্ধীয়ে নধৰিলে কিয়?
কংগ্ৰেছৰ ঘনিষ্ঠ সূত্ৰই সোমবাৰে প্ৰকাশ কৰিছিল যে অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ আঁত ৰাহুল গান্ধীয়ে ধৰিব। অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ আঁত কিন্তু ৰাহুল গান্ধীয়ে নধৰিলে। ৰাহুলৰ সলনি গৌৰৱ গগৈয়ে এই আলোচনাৰ আঁত ধৰে। মণিপুৰৰ ঘটনাক লৈ আলোচনাৰ দাবীত বিগত ২৬ জুলাইত কংগ্ৰেছৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে সাংসদ গৌৰৱ গগৈয়ে। অধ্যক্ষই সেই প্ৰস্তাৱ গ্ৰহণ বিষয়চটোৰ ওপৰত বক্তৱ্য ৰাখিবলৈ ৮ আৰু ১০ আগষ্টৰ দিনটো ধ্যাৰ্য কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ১০ আগষ্টত এই বিষয়ত উত্তৰ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *