‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  ৰাজনৈতিক অতীত বিবাহৰ প্ৰাকক্ষণত সোঁৱৰিছে প্ৰাক্তন ৰাজনৈতিক নেত্ৰী জ্ঞানশ্ৰী বৰাই৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিতুল সোনোৱালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে জ্ঞানশ্ৰী৷ ৯মে’ত জ্ঞানশ্ৰী আৰু বিতুলৰ বিয়া৷ বিবাহখন চৰ্চালৈ অহাৰ কাৰণ অৱশ্যে বেলেগ৷ জোৰোণৰ পাছতেই সামাজিক মাধ্যমত জ্ঞানশ্ৰী বৰাই শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট৷

জ্ঞানশ্ৰীয়ে সামাজিক মাধ্যমত লাইভ আহি জনাইছে জোৰোণত জ্ঞানশ্ৰীয়ে স্বামী গৃহৰ পৰা কি কি গ্ৰহণ কৰিছে আৰু কি কি গ্ৰহণ কৰা নাই৷ স্বামী বিতুলৰ ঘৰৰ পৰা এপদো সোণৰ অলংকাৰ গ্ৰহণ কৰা নাই জ্ঞানশ্ৰীয়ে৷ এই সন্দৰ্ভত জ্ঞানশ্ৰীয়ে কয়, ‘স্বামী গৃহৰ পৰা মোক দামী দামী সোণৰ অলংকাৰ আৰু ডিজাইনাৰৰ কাপোৰ নালাগে৷ এই কথা মই স্পষ্টকৈ মোৰ হ’বলগীয়া স্বামী আৰু ঘৰখনক জনাই দিছো৷ তেওঁলোকে মানি লৈছে৷ সহজে কথাবোৰ মানি ল’ব নোখোজিলেও আমি মানি ল’বলৈ বাধ্য কৰাইছো৷ আৰু মই তেওঁলোকৰ অলংকাৰ গ্ৰহণ নকৰাতেই কথাবোৰ শেষ হোৱা নাই৷ মই মোৰ স্বামীগৃহলৈ কোনো ধৰণৰ যৌতুক লৈ নাযাও৷ কেৱল মই মানুহজনীয়ে যাম৷ তেওঁলোকে মোক এনেকৈয়ে গ্ৰহণ কৰিব লাগিব৷ গ্ৰহণ কৰিম বুলি তেওঁলোকে কথা দিছে৷ মোক ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰাত আপত্তি নিশ্চয় নাই৷ আমাৰ এটা খোজেও সমাজৰ কিছুমান নিয়ম সলনি কৰাত আগভাগ ল’ব পাৰে বুলি মই বিশ্বাসী৷

বাকী স্বামীঘৰত তেওঁলোকে যেনেকৈ থাকে মইয়ো তেনেকৈয়ে থাকিম বুলি নিজকে সাজু কৰিছো৷ এটা কথাই মই পৰ্যবেক্ষণ কৰিম বিবাহৰ নামত তেওঁলোকে মোৰ সপোনক আগুৱাই নিয়াত মোক কেনেদৰে সহযোগিতা কৰে৷ এতিয়া তেওঁ যি আদৰ্শত বিশ্বাসী সেই আদৰ্শৰ সৈতে ময়ো এসময়ত এগৰাকী সক্ৰিয় সদস্য হৈ কাম কৰিছিলো৷ ৰাজনৈতিক অতীত এটা মোৰো আছে৷ বাকী আহিবলগীয়া সময়ত আমাৰ কিছু পৰিকল্পনা আছে৷ বিবাহৰ কাৰণো আমাৰ আদৰ্শগত মিল যথেষ্টখিনি আছে দুয়ো পৃথক পৃথককৈ আগুৱাই যোৱাতকৈ একেলগে আগুৱাই গলে খোজ আৰু শক্তিশালী হ’ব বুলি আমি আশাবাদী৷’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *