ভাইৰেল হৈছে টাইটানিকৰ মেনু কাৰ্ড’! ‘অভিশপ্ত’ জাহাজৰ বিভিন্ন শ্ৰেণীৰ যাত্ৰীসকলে কি খাইছিল?

ভাইৰেল হৈছে টাইটানিকৰ মেনু কাৰ্ড’! ‘অভিশপ্ত’ জাহাজৰ বিভিন্ন শ্ৰেণীৰ যাত্ৰীসকলে কি খাইছিল?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অসম লাইভ২৪ঃ বিলাসবহুল জাহাজ টাইটানিকৰ কথা নাজানে কোনে? যাত্ৰা আৰম্ভ কৰাৰ পঞ্চম দিনৰ দিনা ডুব গৈছিল জাহাজখন। ১১১ বছৰ পূৰ্বে ডুব যোৱা এই জাহাজখনক লৈ আজিও অব্যাহত আছে কৌতুহল। তেতিয়াই বিলাসবহুল জীৱন কটোৱা লোকসকলে কেনেধৰণৰ খাদ্য খাইছিল? জীৱনধাৰণ পদ্ধতি কেনেধৰণৰ আছিল? শেহতীয়াভাৱে পোহৰলৈ আহিছে টাইটানিকৰ খাদ্যৰ এখন মেনু। মেনুকাৰ্ডকেইখনত থকা খাদ্যৰ ৰেচিপি কি কি আছিল, এই সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ পৰিছে বহুজন।

জাহাজখনত প্ৰথম শ্ৰেণীৰ ব্যক্তিৰ বাবে আছিল পৃথক মেনু। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ লোকৰ বাবেও পৃথক মেনু আছিল। প্ৰথম শ্ৰেণীৰ যাত্ৰীৰ বাবে মাছ মাংসৰ বিভিন্ন ৰেচিপি থকাৰ বিপৰীতে তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে আছিল ওটছ গাখীৰ আদি। ভাইৰেল হোৱা মেনুখনত প্ৰথম শ্ৰেণীৰ যাত্ৰীৰ খাদ্যসমূহৰ ভিতৰত আছে, ব্ৰিল, কাৰ্নড বিফ, চালাড, ডাম্পলিংছ, গ্ৰীলড মটন, কাষ্টাৰ্ড পুডিং, মিছা মাছৰ ৰেচিপি, বিভিন্নধৰণৰ চিজ দিয়া খাদ্য আদি। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ খাদ্যৰ তালিকাত আছে, ওটছ, গাখীৰ, স্মকড হেৰিংছ, জেকেট আলু, কণী, ব্ৰেড আৰু মাখন, মাৰ্মালেড আৰু ছুইডিছ ৰুটি।

উল্লেখ্য যে, টাইটানিকৰ সৈতে ডুব গৈছিল ২২৪০ জন যাত্ৰী। যাত্ৰাৰ সময়ছোৱাত প্ৰথমশ্ৰেণীৰ যাত্ৰীতকৈ দ্বিতীয় শ্ৰেণীৰ যাত্ৰীৰ সংখ্যাহে সৰহ আছিল। এক সূত্ৰই প্ৰকাশ কৰামতে শেষৰ লাঞ্চ মেনুখন সম্প্ৰতি নিলামত উঠিছে। প্ৰায় ৫০ হাজাৰৰ পৰা ৭০ হাজাৰ ডলাৰ পৰ্যন্ত দাম উঠিছে মেনুখনৰ।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *