ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?

ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত কোন বুলিলেই আমি নাম লওঁ মাৰ্কিন উদ্যোগী এলন মাস্কৰ। কিন্তু এইবাৰ সেই তালিকাত শীৰ্ষৰ পৰা মাস্ক আঁতৰিল। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত এইবাৰ ফৰাচী ব্যৱসায়ী বাৰ্নাৰ্ড আৰনল্ট। বিশ্বৰ সকলো ডাঙৰ ডাঙৰ ধনকুবেৰক পিছপেলাই ধনী ব্যক্তিৰ তালিকাত শীৰ্ষস্থান দখল কৰি আছিল এলন মাস্কে। কিন্তু এইবাৰ সেই স্থানলৈ আহিছে ফৰাচী ব্যৱসায়ী বাৰ্নাৰ্ড আৰনল্ট।

বিখ্যাত পোছাক নিৰ্মাতা সংস্থা লুই ভুঁতোৰ প্ৰতিষ্ঠাতা এইগৰাকী বাৰ্নাৰ্ড আৰনল্ট। সদ্য প্ৰকাশিত ফোৰ্বছ ৰিয়েল টাইম বিলিয়নিয়ৰৰ তালিকা প্ৰকাশিত হৈছে। তাতেই দেখা গৈছে, বাৰ্নাৰ্ড আৰনল্টৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০৭.৬ বিলিয়ন মাৰ্কিন ডলাৰ। অন্যহাতে পূৰ্বৰ ধনী ব্যক্তিৰ শীৰ্ষত থকা এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০৪.৭ বিলিয়ন মাৰ্কিন ডলাৰ।
আমাজনৰ প্ৰতিষ্ঠাতা জের বেজোছ এই তালিকাত আছে তৃতীয় স্থানত। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৮১.৩ বিলিয়ন মাৰ্কিন ডলাৰ।

উল্লেখ্য যে বিশ্বৰ বিলাসী পণ্য নিৰ্মাতা সংস্থা লুই ভুঁতোৰ প্ৰতিষ্ঠাতা বাৰ্নাৰ্ড আৰনল্ট এজন শিল্প বিলাসীও। মাস্কৰ সৈতে আৰনল্টে প্ৰথম স্থানত আহিবৰ বাবে দুবছৰ ধৰি প্ৰতিযোগিতাত নামিছিল। আৰনল্ড ফ্লান্সৰ প্ৰথমশাৰীৰ ইঞ্জিনিয়াৰীং স্কুলৰ ছাত্ৰ।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *