বৃহৎ আকাৰৰ গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত! পৃথিৱীৰ দিশেৰে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগেৰে আগবাঢ়ি আহিছে গ্ৰহাণু 2023 FZ3

বৃহৎ আকাৰৰ গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত! পৃথিৱীৰ দিশেৰে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগেৰে আগবাঢ়ি আহিছে গ্ৰহাণু 2023 FZ3

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, নাছা, মহাকাশ বতৰাঃ পৃথিৱীত ফালে আগবাঢ়ি আহিছে পাঁচটাকৈ গ্ৰহাণু৷ কোনকেইটা গ্ৰহাণু পৃথিৱীৰ দিশেৰে আগবাঢ়ি আহিছে সেইকেইটাৰ নামো উল্লেখ কৰিছে মহাকাশ বিজ্ঞানীয়ে৷ গ্ৰহাণু 2023 FU6, এই গ্ৰহাণুটো প্ৰায় ৪৫ ফুটৰ৷ পৃথিৱীৰ কাষলৈ আহি থকা গ্ৰহাণুটোৱে পৃথিৱীৰ পৰা ১,৮৭০,০০০ কিঃমিঃ আঁতৰেৰে পাৰ হৈ যাব৷

গ্রহাণু 2023 FS11, ৮২ ফুটৰ এই গ্ৰহাণুটো ৬,৬১০,০০০ কিলোমিটার দূৰত্বত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব৷ এই দুই গ্ৰহাণুৰ পৰা পৃথিৱীৰ কোনোধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাই বুলি জনাইছে মহাকাশ বিজ্ঞানীয়ে৷ আনহাতে গ্রহাণু 2023 FA7, এখন বিমানৰ আকাৰৰ এই গ্ৰহাণুটোও ক্ৰমশ পৃথিৱীৰ ফালে আগুৱাই আহিছে৷ ৯২ ফুটৰ এই গ্ৰহাণুটো পৃথিৱীৰ পৰা ২,২৫০,০০০ কিঃমিঃ দূৰত্বত আছে৷

গ্রহাণু 2023 FQ7 ও প্ৰায় ৬৫ ফুট আকাৰৰ এটা গ্ৰহাণু৷ এই গ্ৰহাণুটোও পৃথিৱীৰ ৫,৭৫০,০০০ কিঃমিঃ দূৰত্বৰে পাৰ হৈ যাব৷ গ্রহাণু 2023 FZ3 পৃথিৱীৰ ফালে আহি থকা অন্যতম এটা গ্ৰহাণু৷ এই গ্ৰহাণুটোও এখন বিমানৰ সমান৷ গ্ৰহাণুটো প্ৰায় ১৫০ ফুটৰ৷ প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগত পৃথিৱীৰ ফালে আহি থকা এই গ্ৰহাণুটোক লৈ চিন্তিত হৈছে মহাকাশ বিজ্ঞানীও৷

গ্ৰহাণুটো ৪,১৯০,০০০ কিঃমিঃ দূৰত্বত পৃথিৱীৰ নিচেই কাষ চাপিব৷ অৱশ্যে নাচাৰ বিজ্ঞানীয়ে কোৱা অনুসৰি এই গ্ৰহাণুৰ দ্বাৰা পৃথিৱীৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাই৷ গ্ৰহাণুটোৰ গতি বিধিলৈ নজৰো ৰাখিছে মহাকাশ বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰহাণুটো কোন দিশেৰে গতি কৰিব সেই কথা হঠকাই কোৱাটো টান৷ পৃথিৱীৰ কক্ষপথৰ খুব কাষেৰেই এই গ্ৰহাণু পাৰ হৈ যাব বুলি জনাইছে বিজ্ঞানীমহলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *