বিহুৰ বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা নিহাৰিকা আক্ৰান্ত মূৰৰ জটিল ৰোগত

বিহুৰ বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা নিহাৰিকা আক্ৰান্ত মূৰৰ জটিল ৰোগত

নিহাৰিকা
নিহাৰিকা
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বিহুৰ বিশ্ব অভিলেখত অংশগ্ৰহণ কৰা এগৰাকী বিহুৱতী আক্ৰান্ত হৈছে মূৰৰ জটিল ৰোগত। ৰহাৰ নিহাৰিকা সিংহ নামৰ যুৱতীগৰাকী বৰ্তমান চিকিৎসাধীন গুৱাহাটীৰ GNRCত। পূজাৰ আনন্দৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে ৰহাৰ সকলোৰে প্ৰিয় যুৱতীগৰাকী। চিকিৎসকে জনোৱা মতে যুৱতীগৰাকীৰ মূৰত বাহ লৈছে ফিটা পেলুৱে।
পিতৃহাৰা নিহাৰিকাৰ উপযুক্ত চিকিৎসা তথা ঔষধপাতি যোগান ধৰিব পৰা নাই মাতৃয়ে। এবছৰ পূৰ্বে পিতৃক হেৰুওৱাৰ পাছৰে পৰা ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল নিহাৰিকাই। বিভিন্ন ঠাইত নৃত্য, বিহুনৃত্য পৰিৱেশন কৰি দুটি সৰু ভাতৃক পঢ়ুওৱাৰ লগতে মাতৃৰ সৈতে সংসাৰখন চলাই নিছিল নিহাৰিকাই। ঘৰে ঘৰে গৈ টিউচনো কৰিছিল নিহাৰিকাই। কিন্তু যুৱতীগৰাকী অসুস্থ হৈ পৰাত এতিয়া বিবুধিত পৰিছে পৰিয়ালটো। সেয়েহে ৰাইজ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী তথা ৰহাৰ প্ৰাক্তন বিধায়ক পীযুষ হাজৰীকাৰ সহায় বিচাৰিছে যুৱতীগৰাকীৰ আত্মীয়ই।
খেলা-ধূলা, বিভিন্ন ঠাইত গীত পৰিৱেশন কৰি ৰহালৈ সুনাম কঢ়িয়াই আনিছিল নিহাৰিকাই। গুৱাহাটীত অনুষ্ঠিত বিহুৰ বিশ্ব অভিলেখত অংশগ্ৰহণ কৰাৰ লগতে অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানৰ বাবেও আমন্ত্ৰিত হৈছিল নিহাৰিকা। কিন্তু এতিয়া নিহাৰিকাৰ প্ৰয়োজনীয় চিকিৎসা কৰাবলৈ অসহায় মাতৃ। সেয়েহে সহায় বিচাৰিছে ৰাইজৰ।
কোনো সদাশয় লোকে যুৱতীগৰাকীক সহায় কৰিব বিচাৰিলে SBIৰ ৰহা শাখাত থকা নিহাৰিকাৰ একাউণ্ট নম্বৰ 35274404820 (IFSC-SBIN0002103) আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব। আপোনাৰ অকনমান সহায়ে উপকৃত কৰিব দুৰ্ভগীয়া পৰিয়ালটোক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *