বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWSঃ দেওবাৰে বিয়লিভাগত বিহাৰৰ ভাগলপুৰত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। হঠাৎ খহি পৰে গংগা নদীৰ ওপৰত থকা এখন নিৰ্মীয়মান দলঙৰ একাংশ। বিহাৰৰ খগড়িয়া-ভাগলপুৰ সংযোগী এই দলঙ হঠাৎ ভাঙি পৰাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চ্যলকৰ দুৰ্ঘটনা। অৱশ্যে এই দুৰ্ঘটনাত হতাহতি হোৱা নাই কোনো লোকৰ। ২০১৪ চনত ভাগলপুৰৰ এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ইয়াৰ পূৰ্বে ২০২১ চনত ধুমুহাৰ বাবে ভাঙি গৈছিল দলংখনৰ কিছু অংশ। ১৭০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলঙখনৰ এটা অংশ ভাগি পৰাৰ পিছতে এতিয়া বিহাৰৰ ৰাজনৈতিক মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। বিৰোধীয়ে তীব্ৰ সমালোচনা কৰাৰ পিছতে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সংবাদমেল সম্বোধন কৰি কয় যে, দলংখনৰ নিৰ্মাণত কিছু বিসংগতি আছিল। মই বিৰোধীত থাকোতে এই বিষয়ে আমি উল্লেখ কৰিছিলো। চৰকাৰ গঠন কৰিয়েই আমি দলং নিৰ্মাণৰ ওপৰত এক তদন্ত ঘোষণা কৰিছিলো। তদন্তৰ সম্পূৰ্ণ প্ৰতিবেদন এতিয়াও লাভ কৰা নাই যদিও প্ৰাথমিক তদন্তত দলংখনৰ নিৰ্মাণত যে বিসংগতি আছে সেয়া স্পষ্ট হৈ উঠিছে। সেয়ে দলংখনক ইচ্ছাকৃতভাৱে ধ্বংস কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *