বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মেচত তিনিটা অভিলেখৰ ওপৰত নজৰ ৰোহিত শৰ্মাৰ

বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে মেচত তিনিটা অভিলেখৰ ওপৰত নজৰ ৰোহিত শৰ্মাৰ

ৰোহিত শৰ্মা
ৰোহিত শৰ্মা
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

২০২৩ এদিনীয়া বিশ্বকাপত প্ৰত্যাশিতভাৱেই আগবাঢ়ি আছে ভাৰতীয় দলটো। লীগ ষ্টেজত এতিয়ালৈকে অপৰাজেয় হৈ আছে ৰোহিতবাহিনী। পাঁচখন মেচত ১০ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতৰ পৰৱৰ্তী অভিযান দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে। চলিত বিশ্বকাপত দুৰ্বল প্ৰদৰ্শন আগবঢ়োৱা ইংলেণ্ড দলটো পইণ্ট তালিকাৰ নৱম স্থানত আছে। ইংলেণ্ডৰ বিৰুদ্ধে দেওবাৰৰ মেচখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ সমুখত তিনিটা অভিলেখ গঢ়াৰ সুযোগ আছে।
২০১৭ ত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা ৰোহিত শৰ্মাই অধিনায়ক হিচাপে শততম মেচ খেলিব ইংলেণ্ডৰ বিৰুদ্ধে। প্ৰথম অৱস্থাত অংশকালীন দায়িত্ব লাভ কৰা ৰোহিত শৰ্মা বিৰাট কোহলীয়ে অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাৰ পাছৰ পৰা দলৰ নিয়মীয়া অধিনায়কৰ ভাৰ চম্ভালে। ৰোহিত শৰ্মাই এতিয়ালৈকে ৯ খন টেষ্ট, ৩৯ খন এদিনীয়া আৰু ৫১ খন টি-২০ মেচত ভাৰতীয় দলক নেতৃত্ব দিছে।
আন এটি মাইলৰ খুঁটিত উপনীত হোৱাৰ সুৱৰ্ণ সুযোগ আছে ৰোহিত শৰ্মাৰ বাবে। নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৰোহিত শৰ্মাই সংগ্ৰহ কৰিছে ১৭,৯৫৩ ৰান। আৰু মাত্ৰ ৪৭ ৰান কৰিলেই ১৮,০০০ ৰানৰ ক্লাবত পদাৰ্পন কৰিব ভাৰতীয় অধিনায়কগৰাকীয়ে। দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মেচখনত এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আগ্ৰহেৰে বাট চাইছে ৰোহিতে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৮,০০০ ৰানৰ সীমা অতিক্ৰম কৰা তালিকাত শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, ৰাহুল দ্ৰাবিড় আৰু সৌৰভ গাংগুলীৰ পাছতে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব ৰোহিত শৰ্মাই।
এদিনীয়া বিশ্বকাপত অন্য এক অভিলেখৰ গৰাকী হোৱাৰ পথত হিটমেন ৰোহিত শৰ্মা। শ্বৰ্টবল পালেই আকাশীপথেৰে বল বাউণ্ডেৰীৰ বাহিৰ কৰা ৰোহিত শৰ্মাই গঢ়িব পাৰে সৰ্বাধিক ছিক্সাৰ কোবোৱাৰ অভিলেখ। ২০২৩ বিশ্বকাপত এতিয়ালৈ ১৭ টা ছিক্সাৰ কোবোৱা ৰোহিত শৰ্মাৰ এদিনীয় বিশ্বকাপত সৰ্বমুঠ ছিক্সৰ সংখ্যা ৪০ টা। এইক্ষেত্ৰত এদিনীয়া বিশ্বকাপত ৪৯ টা ছিক্সাৰেৰে সৰ্বাধিক ছিক্স কোবোৱা অভিলেখ আছে কেৰিবিয়ান তাৰকা ক্ৰিছ গেইলৰ নামত। ইংলেণ্ডৰ বিৰুদ্ধে দেওবাৰৰ মেচখনত এই অভিলেখ ভংগৰো সুযোগ আছে ৰোহিত শৰ্মাৰ সমুখত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *