বিমুদ্ৰাকৰণৰ সাত বছৰ; ‘বিমুদ্ৰাকৰণ এক পৰিকল্পিত আক্ৰমণ’

বিমুদ্ৰাকৰণৰ সাত বছৰ; ‘বিমুদ্ৰাকৰণ এক পৰিকল্পিত আক্ৰমণ’

বিমুদ্ৰাকৰণ
বিমুদ্ৰাকৰণ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

৮ নৱেম্বৰ, ২০১৬ ৰ নিশা ৮ বজাৰ পৰা… প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ঘোষণা আৰু দেশযুৰি হাহাকাৰ। বেংকত লানি নিছিগা শাৰী। বন্ধ হৈ গ’ল ৫০০ আৰু ১০০০ টকীয়া নোট। তাৰ পাছতেই প্ৰচলন হ’ল নতুন ৫০০ টকীয়া ২০০০ টকীয়া নোট। পৰৱৰ্তী সময়ত বিমুদ্ৰাকৰণক লৈ বিৰোধীৰ দ্বাৰা যথেষ্ট সমালোচিত হ’ল প্ৰধানমন্ত্ৰী মোদী তথা বিজেপি চৰকাৰ।
আজি সাত বছৰ অতিক্ৰম কৰিলে বিমুদ্ৰাকৰণে। ৮ নৱেম্বৰ আহিলেই বিৰোধী সৰৱ হৈ পৰে বিমুদ্ৰাকৰণ প্ৰসংগক লৈ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিমুদ্ৰাকৰণক এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। ইয়াৰ দ্বাৰ সহাৰণ মানুহৰ জীৱিকা তথা দেশৰ অৰ্থব্যৱস্থা ধ্বংস কৰা বুলিও ক্ষোভ উজাৰে ৰাহুল গান্ধীয়ে। কেৱল পুঁজিপতিৰ লাভৰ বাবে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
সামাজিক মাধ্যম ‘এক্স’ত ৰাহুল গান্ধীয়ে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে পুনৰবাৰ মাত মাতে। এক পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে লিখে যে, ‘সধাৰণ লোকৰ জীৱিকা ধ্বংস কৰা, শ্ৰমিকৰ আমদানী কমোৱা, সৰু ব্যৱসায়ীসকলক শেষ কৰা, কৃষকৰ লোকচান কৰা, অসংগঠিত অৰ্থব্যৱস্থাক ধ্বংস কৰাৰ এক পৰিকল্পিত ষড়যন্ত্ৰ হৈছে বিমুদ্ৰাকৰণ। ইয়াৰদ্বাৰা দেশৰ ৯৯ শতাংশ সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ আৰু এক শতাংশ পুঁজিপতি মোদীৰ মিত্ৰসকলৰ লাভ হৈছে। আপোনাৰ পকেট খালী কৰি পৰম বন্ধুৰ সম্পত্তি বৃদ্ধি কৰি তেওঁক ৬০৯ সংখ্যক স্থানৰ পৰা বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি বনোৱাৰ এয়া এক অস্ত্ৰ।’


আনহাতে, দেশত ক’লাধনৰ পয়োভৰ ৰোধ কৰাৰ বাবে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰকাৰে বাৰম্বাৰ দাবী কৰি আহিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে কিন্তু সদায় বিমুদ্ৰাকৰণৰ বিৰোধিতা কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *