বিবাহিত পুৰুষক পলুৱাই নিলে এগৰাকী যুৱতীয়ে… প্ৰেম নে অইন কিবা কাহিনী?

বিবাহিত পুৰুষক পলুৱাই নিলে এগৰাকী যুৱতীয়ে… প্ৰেম নে অইন কিবা কাহিনী?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NBNEWS,স্থানীয় সংবাদ, নলবাৰীঃ আচৰিত নহ’ব, কলি যুগত সকলোবোৰেই সম্ভৱ! প্ৰায় প্ৰতিদিনেই একোটাকৈ বাতৰি আহে। পৰকীয়া প্ৰেমত পৰি কোনো পুৰুষে অন্যৰ পত্নীক বা যুৱতীক পলুৱাই নিয়ে। কিন্তু ইয়াৰ বিপৰীত ঘটনা এইবাৰ সংঘটিত হৈছে। নলবাৰীৰ এজন বিবাহিত পুৰুষক এগৰাকী মহিলাই পলুৱাই নিয়াৰ অভিযোগ আনিছে বিবাহিত পুৰুষৰ পত্নীয়েই।

নলবাৰীৰ সন্ধা গাঁৱত এগৰাকী মহিলাই এইবাৰ প্ৰেমৰ চালনাৰে পলুৱাই নিছে এজন পুৰুষক। এই অভিযোগ অনিছে ব্যক্তিজনৰ পত্নীয়েই৷ নলবাৰীৰ হেমন্ত কলিতা নামৰ বিবাহিত পুৰুষজন বিগত পাঁচদিনে সন্ধানহীন হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সন্ধা গাঁৱৰ নিৱাসী হেমান্ত কলিতা ১ এপ্ৰিল, শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। এখন চাহ দোকানৰে ছয়জনীয়া পৰিয়ালটো পোহপাল দিছিল হেমন্তই।

একমাত্ৰ উপাৰ্জনকাৰী হেমন্ত কলিতাই অইন দিনাৰ দৰে ১ এপ্ৰিল, শনিবাৰেও নিজৰ AS14L-3326 নম্বৰৰ স্কুটীখনেৰে দোকানলৈ গৈ ঘৰলৈ উভতি নাহিল। পৰিয়ালে সন্দেহ কৰামতে চাহ দোকানখনত কৰ্মৰত বিবাহিত মহিলা এগৰাকীয়ে হেমন্তক পলুৱাই লৈ গৈছে। উল্লেখ্য যে উক্ত মহিলা গৰাকীও সেই দিনৰ পৰাই নিৰুদ্দেশ হৈ আছে।

পৰিয়ালটোয়ে ইতিমধ্যে নলবাৰী সদৰ আৰক্ষীত উক্ত ঘটনা সন্দৰ্ভত এজাহাৰো প্ৰদান কৰিছে। কিন্ত, চাৰিদিন উকলি যোৱাৰ পিছতো হেমন্তৰ কোনো সন্ধান নোপোৱাত পৰিয়ালটিয়ে শংকিত হৈ পৰিছে। হেমন্তৰ পুত্ৰইয়ো পিতৃক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে৷ কোনো সদাশয় লোকেও যদি হেমন্ত কলিতাৰ কোনো সন্ধান পায় তেন্তে 8876952035 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *