বিদায় ক্ৰিকেট! জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাত পোৱাৰো কথা কৈ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে

বিদায় ক্ৰিকেট! জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাত পোৱাৰো কথা কৈ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মহেন্দ্ৰ সিং ধোনীয়ে তেতিয়া ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বত আছিল৷ সেই সময়তেই ভাৰতীয় ক্ৰিকেট দললৈ আহিছিল উদীয়মান এজন ক্ৰিকেটাৰ, নাম মনোজ তীৱাৰী৷ মনোজ তিৱাৰীয়ে ২০২৩ চনৰ ২ জুলাইত ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে৷ ৩৭ বছৰ বয়সত ক্ৰিকেটৰ পৰা অৱসৰ লৈছে মনোজ তিৱাৰীয়ে৷ বৃহস্পতিবাৰে সামাজিকমাধ্যমত বিশেষ পোষ্ট কৰি অৱসৰৰ কথা ঘোষণা কৰিছে মনোজ তিৱাৰীয়ে৷

৩ ফেব্ৰুৱাৰী ২০০৮ চনত ভাৰতৰ জাতীয় দলৰ জাৰ্চী পিন্ধি ৱান ডে’ মেচত অভিষেক ঘটিছিল মনোজ তিৱাৰীৰ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰিছবেনত খেলিছিল মনোজে৷ ভাৰতৰ হৈ ১২খন ৱান ডে মেচত ২৮৭ ৰান কৰিছে তেওঁ৷ এটা চেঞ্চুৰী আৰু এটা হাফ চেঞ্চুৰীও কৰিছে মনোজে৷ দেশৰ হৈ তিনিখন টি-২০ মেচ খেলিছে মনোজ তিৱাৰীয়ে৷ ৱান ডেত তেওঁ ৫টা উইকেটো ল’বলৈ সক্ষম হৈছিল৷ খেলত ভাল ফলাফল দেখুৱাইয়ো কৰোবাত কিন্তু তেওঁ পৰিত্যক্ত হৈয়েই ৰৈছিল৷

ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে কি লিখিছে সামাজিক মাধ্যমত?
নিজা প্ৰফাইলত মনোজ তিৱাৰীয়ে লিখিছে, ‘বিদায় ক্ৰিকেট৷ এই খেলে মোক সকলোখিনি দিছে৷ মই জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাতো পাইছো৷ এই খেল আৰু ঈশ্বৰৰ ওচৰত মই সদায়ে কৃতজ্ঞ৷ দুয়োটাই সকলোসময়তে মোৰ কাষত আছে৷ এই সময়ত মই সমূহ জনতাক আন্তৰিক ধন্যবাদ জনাইছো৷ আন্তৰিক কৃতজ্ঞতাও জনাইছো৷ তেওঁলোকৰ বাবেই মই ক্ৰিকেটৰ যাত্ৰাত সফলতা পাইছো৷ মোৰ শৈশৱৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে লগ পোৱা সকলো কোচকো আন্তৰিক ধন্যবাদ জনাইছো৷ মোৰ ক্ৰিকেটৰ কেৰিয়াৰত তেওঁলোকৰ ভূমিকা অপৰিহীম৷ এইসকলৰ ভিতৰত মানৱেন্দ্ৰ ঘোষ, যি মোৰ ক্ৰিকেটৰ যাত্ৰাত পিতৃৰ দৰে৷ তেওঁ নাথাকিলে মই ক্ৰিকেটৰ বৃত্তত সোমাবই নোৱাৰিলোহেতেন৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *