বাসগৃহ পালেহি গকুলৰ নশ্বৰ দেহ, শোকাকুল পৰিবেশ চামগুৰিত…

বাসগৃহ পালেহি গকুলৰ নশ্বৰ দেহ, শোকাকুল পৰিবেশ চামগুৰিত…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: সোণাৰি সদৰ থানাত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত প্ৰাণ হেৰুওৱা গকুল বসুমতাৰীৰ মৃতদেহ বুধবাৰে চামগুৰিস্থিত বাসগৃহলৈ অনা হয়। মৃতদেহ বাসগৃহলৈ অনাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে গকুল বসুমতাৰীৰ বাসগৃহত।

শেষবাৰৰ বাবে গকুল বসুমতাৰীক চাবলৈ অঞ্চলবাসীয়ে ভিৰ কৰে গকুল বসুমতাৰীৰ বাসগৃহত। পৰিয়ালৰ লোকে হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে। নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছতে আৰক্ষীৰ লগতে বিভিন্নজনে শেষ শ্ৰদ্ধা জনায় আৰক্ষী জোৱানজনলৈ।

উল্লেখ্য যে মঙলবাৰে দীপক কাকতি নামৰ এজন সতীৰ্থই গুলীয়াই হত্যা কৰিছিল গকুল বসুমতাৰীক। গকুল বসুমতাৰীৰ ডিঙি ভেদি গৈছিল দীপক কাকতিৰ বন্দুকৰ তিনিটা গুলীয়ে। ইতিমধ্যে হত্যাকাৰী দীপকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *