বঙালীৰ বিজেপি বৰ্জন! বঙালী অধ্যুষিত অঞ্চলত নিষিদ্ধ কৰা হ’ব বিজেপিক

বঙালীৰ বিজেপি বৰ্জন! বঙালী অধ্যুষিত অঞ্চলত নিষিদ্ধ কৰা হ’ব বিজেপিক

বিজেপি
বিজেপি
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বিজেপি বৰ্জনৰ আহ্বান কৰা হৈছে বঙালী ৰাইজক। নিৰ্বাচনৰ পূৰ্বে হিন্দু বঙালীৰ জলন্ত-সমস্যা সমাধান নকৰিলে বঙালী অধ্যুষিত অঞ্চলত নিষিদ্ধ কৰাৰ হুংকাৰ বিজেপি দলক। চিলাপথাৰত সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে দুই বঙালী সংগঠন।
হিন্দুত্বৰ শ্লোগান দি নিৰ্বাচনৰ পূৰ্বে হিন্দু বঙালী সকলৰ ডি ভোটাৰ, বিদেশী সমস্যা, ডিটেনচন কেম্প ভাঙি দিয়াকে আদি কৰি বহু জলন্ত-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বঙালী ৰাইজৰ ভোট লৈ অসমত দুবাৰকৈ শাসন চলোৱা বিজেপি দলৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল। অদ্যপি বঙালী ৰাইজৰ জলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বঙালী সম্প্ৰদায়ৰ দুটাকৈ ছাত্ৰ সংগঠন। বুধবাৰে বাঙালী ফেডাৰেশ্যন আৰু বাঙালী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে যৌথভাৱে সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে কয় যে ‘বিজেপিয়ে কেৱল হিন্দুত্বৰ শ্লোগান দি ধৰ্মৰ নামত ৰাজনীতি কৰি আহিছে। জাতিৰ মাজত বিভেদ সৃষ্টি কৰি সমাজখন অস্থিৰ কৰি ৰাখিছে। বিজেপিৰ শাসনত বঙালীয়ে কেৱল বঞ্চনা আৰু প্ৰতাৰণা পাই আহিছে। অথচ, সমস্যা সমাধান কৰিম বুলি আজিলৈকে নকৰিলে।’
বসুন্ধৰা আঁচনিৰ জৰিয়তে চৰকাৰখনে চক্ৰান্তমূলকভাবে বঙালী হিন্দুক অসমত ভূমিহীন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰো অভিযোগ আনিছে সংগঠন দুটাই। তেনে বহু অভিযোগেৰে সম্প্ৰদায়টোৰ দুয়োটা ছাত্ৰ সংগঠনৰ কৰ্মী আক্ৰমণাত্মক হৈ উঠে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে। আগন্তুক ৩ মাহৰ ভিতৰত যদি অসমত বসবাস কৰা হিন্দু-বঙালী লোকৰ ডি ভোটাৰ বিদেশী সমস্যা, ডিটেনচন কেম্পৰ লগতে বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা নকৰে তেন্তে নিৰ্বাচনত বিজেপিক বৰ্জন কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনৰ কৰ্মীসকলে।
‘দিছপুৰত বিজেপিৰ চৰকাৰ চলি থকাৰ সময়ত ২০১৮ চনত তিনিচুকীয়াৰ ধলা বিচনীমূখত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত ৫ জনকৈ নিৰীহ বঙালী লোকৰ প্ৰাণ গ’ল। ঘটনাৰ পাঁচটা বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে সঠিক তদন্ত নহ’ল। এইখন চৰকাৰে ৰাইজৰ বাবে কেতিয়াও ভাল চিন্তা নকৰে। কেৱল মাথো গাদী দখলৰ স্বাৰ্থত বঙালী সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে।’ এইক্ষেত্ৰত বিজেপি দলত থকা বঙালী মন্ত্ৰী-বিধায়ক, নেতা-কৰ্মী সকলক সকীয়াই দি কয় যে, ‘বিজেপি দলত থাকি যদি বঙালী জাতিৰ সমস্যা সমাধান কৰিব নোৱাৰে তেন্তে এই দলৰ পৰা শীঘ্ৰেই পদত্যাগ কৰক’। অন্যথা বঙালী অধ্যুষিত এলেকাত বিজেপিৰ প্ৰৱেশ নিষেধ কৰা হ’ব বুলিও উল্লেখ কৰে সংবাদ মেলৰ জৰিয়তে।
সংবাদ মেলত ফেডাৰেশ্যনৰ ৰাজ্যিক উপ সভাপতি ধনঞ্জয় নাথ, ধেমাজি জিলাৰ সভাপতি কালন দেৱনাথ আৰু বাঙালী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি শান্তমনি সৰকাৰৰ লগতে কেইবাজনো নেতা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *