ফ্ৰী আইফোন পাবলৈ যুৱতীয়ে কৰোৱালে মুণ্ডন; তাৰ পাছত কি হ’ল চাওক ভিডিঅ’

ফ্ৰী আইফোন পাবলৈ যুৱতীয়ে কৰোৱালে মুণ্ডন; তাৰ পাছত কি হ’ল চাওক ভিডিঅ’

iPhone 15
iPhone 15
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আইফোনৰ জনপ্ৰিয়তা দিনক দিনে অত্যধিক হাৰত বৃদ্ধি পাইছে। আইফোনৰ নতুন ছিৰিজ মুকলি হ’লেই হেতা-ওপৰা লাগে ক্ৰেতাৰ। বহুতেই মনত পুহি ৰাখে এটা আইফোন ক্ৰয় কৰাৰ হাবিয়াস। যথেষ্ট ব্যয়বহুল যদিও অতি কম সময়ৰ ভিতৰতে বজাৰ দখল কৰিছে আইফোনে। লক্ষ্যণীয়ভাৱে এনে কিছু লোকো আছে যিসকলে আইফোন ক্ৰয় কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। সেহতীয়াকৈ এগৰাকী যুৱতীৰ কৰ্মকাণ্ডই যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

কিছুদিন পূৰ্বে আইফোনে ইয়াৰ নতুন ছিৰিজ iPhone 15 মুকলি কৰে। কেইবাটাও মডেলত উপলব্ধ iPhone 15 মুকলিৰ লগে লগেই অত্যধিক জনপ্ৰিয় হৈ উঠে। বিপনীত ভিৰ কৰাৰ উপৰিও অনলাইন শ্বপিং এপসমূহত ব্যস্ত হৈ পৰে গ্ৰাহক। অন্য পৰ্যায় পাইছে এগৰাকী যুৱতীৰ আইফোনপ্ৰীতি। এটা আইফোন বিনামূলীয়াকৈ পাবলৈ নিজৰ মুণ্ডন কৰাবলৈ কুণ্ঠাবোধ কৰা নাই যুৱতীগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যুৱতিগৰাকীৰ ভিডিঅ’। কমেণ্টত ভিন্ন মন্তব্যও কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে।

এটা ‘গেম’ৰ আয়োজন কৰা হয় য’ত অংশগ্ৰহণকাৰীয়ে নিজৰ মুণ্ডন কৰালে বিনমূলীয় আইফোন লাভ কৰাৰ অফাৰ ৰখা হয়। যথেষ্ট লোক উপস্থিত থকা ‘গেম’টোত প্ৰথমতে কোনো লোকে এই কাম কৰিবলৈ সাহস কৰা নাছিল যদিও এগৰাকী যুৱতী আগবাঢ়ি আহে। বিনামূলীয়া আইফোন লাভ কৰিবলৈ নিজৰ চুলিকোচা কাটি পেলাবলৈ মন বান্ধে যুৱতীগৰাকীয়ে।

হাঁহিমুখে চকীত বহা যুৱতীগৰাকীৰ চুলি এফালৰ পৰা কাটি পেলোৱ হয়। আৰু মুহূৰ্ততে নাইকীয়া হৈ যায় মূৰৰ চুলিকোচা। লাহে লাহে চকু সেমেকি উঠা যুৱতীগৰাকীয়ে চুলিকোচ হেৰুৱাই কান্দি উঠে যদিও বিনামূলীয়াকৈ আইফোন লাভ কৰি উৎফুল্লিত হোৱা দেখা যায়। ভিডিঅ’টো চাই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিন্নধৰণৰ কমেণ্ট কৰে। এগৰাকী লোকে কমেণ্টত কয়, ‘এই অফাৰ এবাৰ ল’ৰাসকলৰ বাবেও ৰাখি চাওক’। অন্য এগৰাকীয়ে কয়, ‘চুলিয়েই যদি নাথাকে আইফোন লৈ কি কৰিব’।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *