প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…

প্ৰাপ্তিৰ মাহ আঘোণ, মেটামুখী প্ৰজন্মৰ বাবে Busy মাহ আঘোণ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

‘আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে
মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,
কাম আছে,
আঘোণৰ পথাৰত কাম আৰু কাম’

কবিতাটোত আছে আঘোণৰ বৰ্ণনা। আঘোণ চহা খেতিয়কৰ বাবে প্ৰাপ্তিৰ মাহ। পথাৰত খেতিয়কৰ কাম আৰু কাম। এৰাব নোৱাৰা বস্ততা। ধানৰ পাতে কাটে। গধূলিত পানী লাগিলে কটা ঘাঁখিনি চেকচেকায়। তথাপিও বাটৰুৱাক হাত বাউল দি মাতে সোণোৱালী পথাৰে।

সোণোৱালী পথাৰলৈ যোৱা আমেজেই সুকীয়া। পথাৰ ভৰি থাকে সোণগুটিৰে। পুৱাই প্ৰতিঘৰ খেতিয়কৰ ঘৰতে ব্যস্ততা বাঢ়ে। দাৱনীয়ে হাতত তুলি লয় কাচি। দাৱনীৰ খিকিন্দালিত ৰজনজনাই পথাৰ।

হাউলি পৰা ধান এটা দিশৰ পৰা কাটি গৈ থাকোতে ধানৰ এটা থোকেৰে মুঠিবোৰ বান্ধি নৰাৰ ওপৰত বিশেষ কায়দাৰে থৈ যায়। শীতকালৰ ৰ’দ হ’লেও দুপৰীয়া চোকা ৰ’দে ধৰে। ঠাণ্ডা দিনৰ বেলি মূৰৰ ওপৰত উঠা মানেই পশ্চিমৰ আকাশত বুৰ যোৱাৰেই প্ৰস্তুতি। তথাপিও খৰ হাতে কাচি চলি থাকে।

পশ্চিমৰ আকাশত বেলিটো হাউলি পৰিলেই কুমলীয়া বাঁহ কাটি বনোৱা টঙাল আৰু বিৰিয়াডাল লৈ পথাৰ পায়হি গৃহস্থ। কাটি যোৱা ধানৰ মুঠিবোৰ হাতৰ ফাঁকত লৈ ৮টাকৈ হিচাপ কৰি গণনা কৰে- এঠৰ, দুঠৰ। চাৰিঠৰ মুঠিৰে এটা মজবুত ডাঙৰি। তেনেকৈয়ে যুৰীয়া হিচাপত মুঠিবোৰ বান্ধি জোঙা বিৰিয়াৰে খুচি দুফালে দুটা ডাঙৰি গুজি কান্ধত লৈ আগবাঢ়ে। এই যাত্ৰা ঘৰমুখী। এভাৰ দুভাৰকৈ চোতাল ভৰ। এইযে খচ খচ শব্দেৰে পাহুৱাল খোজ, সেই খোজতো ছন্দ থাকে, থাকে বছৰযোৰাৰ প্ৰাপ্তি।

অসমীয়া জাতি অত্যন্ত স্ব-নিৰ্ভৰশীল জাতি বুলি ইতিহাসেও দাবী কৰে। সময়ৰ শৰ সময়ত মাৰে অসমীয়াই। আঘোণত লখিমী আদৰি ক্ষণ গণে ভোগালীলৈ। সময় সলনি হৈছে। গৰুৰ গাড়ীৰে পথাৰৰ পৰা ধান কঢ়িওৱাৰ সলনি ট্ৰেক্টৰে সেই ঠাই ললে। দাৱনীৰ ঠাই ললে মেচিনে। মুঠতে যুগৰ হাতত ধৰি চহা জীৱনে পিন্ধিলে যান্ত্ৰিকতাৰ আভুষণ। সময়ৰ হাতত ধৰি আঘোণ আহিছে যদিও মেটা মুখী প্ৰজন্মৰ বাবে আঘোণ এতিয়া কেৱল কেশৱ মহন্তৰ এটি বিশেষ কবিতাহে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *