পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা…

পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা…

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ষ্টিয়াৰিং হাতত ধৰা দেখিয়েই কৈছে পাক্কা ড্ৰাইভাৰ তেওঁ। ভাইৰেল এটা ভিডিঅ’ত পোহৰলৈ আহিছে এই তথ্য। সম্প্ৰতি সামাজিক মাধ্যমত খুবেই ভাইৰেল বাবা ৰামদেৱে গাড়ী চলোৱাৰ এটা ভিডিঅ’। গাড়ীও এলাপেছা নহয়। ১.৫ কোটি টকীয়া Land Rover Defender 130 চলাইছে বাবা ৰামদেৱে। এই গাড়ী বিশ্বৰ শক্তিশালী বিলাসবহুল গাড়ী হিচাপে পৰিচিত। কেৱল ভাৰততেই নহয় বিশ্বৰ বহু দেশত এই গাড়ী কিনিবৰ বাবে গ্ৰাহক আগ্ৰহী হৈ থাকে। অৱশেষত সেই আকাংশিত গাড়ীখন ক্ৰয় কৰিলে বাবা ৰামদেৱেও।

ৰামদেৱৰ প্ৰকৃত নাম ৰামকৃষ্ণ যাদৱ। ভক্তসকলৰ ওচৰত তেওঁ বাবা ৰামদেৱ নামেৰেই পৰিচিত। কেৱল ভাৰততেই নহয় বিশ্বৰ বহু দেশত তেওঁৰ খ্যাতি বিৰাজমান। ভক্তসকলে তেওঁক গুৰু হিচাপেই মানে। যোগাসন আৰু আয়ুৰ্বেদ শিক্ষাত তেওঁ বিদগ্ধ। কিন্তু অন্যান্য তাৰকাসকলৰ দৰে বৰ ৰঙচঙীয়া জীৱন কটাব নোখোজে। সাধাৰণ গেৰুৱা বস্ত্ৰ পৰিধান কৰি থকা ৰামদেৱক হঠাতেই Land Rover Defender 130 ত দেখি আচৰিতো হৈছে বহুজন।

বাবা ৰামদেৱে ক্ৰয় কৰা এই বাহনৰ দাম প্ৰায় ১.৫কোটি। এই বাহন তেওঁ নিজে চলাই থকাও দেখা গৈছে ভাইৰেল ভিডিঅ’ত। ইয়াৰ পূৰ্বে Mahindra XUV700 বাহনখন চলোৱা দেখা গৈছিল ৰামদেৱক। এই বাহনৰ পাছতেই এতিয়া ৰামদেৱে ক্ৰয় কৰিছে কোটি টকীয়া বাহন। বৰ্তমানলৈ ৰামদেৱে চলোৱা বাহনখনত দেখা নাই কোনো নাম্বাৰ প্লেট।

বাবা ৰামদেৱে চলোৱা বাহনখন ২০২৩ চনতে ভাৰতত মুকলি হৈছে। গাড়ীখনৰ ষ্টাৰ্টিং প্ৰাইজ ১.৩ কোটি। ভেৰিয়েণ্ট অনুসৰি ইয়াৰ দাম বাঢ়ে। এই বিশেষ SUVত আছে চিংগল LED হেডলেম্প, পেনোৰমিক ছানৰুফ, ২০ ইঞ্চিৰ এলয় হুইল, ৪জোন অটমেটিক ক্লাইমেট কণ্ট্ৰল, ৩৬০ ডিগ্ৰী কেমেৰা আৰু ১১.৪ ইঞ্চিৰ টাছস্ক্ৰিণ ইনফোটেনমেণ্ট চিষ্টেম আছে এই বাহনত।

ইঞ্জিনৰ কথা যদি কোৱা হয় তেন্তে ইয়াত আছে ৩লিটাৰ পেট্ৰল ইঞ্জিন, ইয়াৰ হৰ্ছপাৱাৰ হৈছে ৫৫০ নিউটন মিটাৰ পৰ্যন্ত টৰ্ক তৈয়াৰ কৰিব পাৰে। আৰু আছে এটা ইঞ্জিন সেয়া ৩ লিটাৰ ডিজেল ইঞ্জিন। ইয়াৰ হৰ্ছপাৱাৰ তুলনামূলকভাৱে কম। উভয় ইঞ্জিনৰ আছে মাইল্ড হাইব্ৰীড প্ৰযুক্তি আৰু ফোৰ হুইল ড্ৰাইভ চিষ্টেম। ট্ৰান্সমিছনৰ ক্ষেত্ৰত মজুত আছে ৪স্পিড অটোমেটিক গিয়েৰ। অৱশ্যে এই বাহন ৰামদেৱে নিজেই ক্ৰয় কৰিছেনে সেই সম্পৰ্কে বৰ্তমানো স্পষ্ট তথ্য লাভ কৰিব পৰা নাই। ইয়াৰ পূৰ্বেও Jaguar XJ Lৰ দৰে বিলাসবহুল বাহনত দেখা গৈছিল বাবা ৰামদেৱক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *