পিতৃয়ে ঘৰে ঘৰে চিলিণ্ডাৰ বিলায়, পুত্ৰ আজি দেশজুৰি চৰ্চাত! ৫টা বলত ৫টা ছিক্স কোবোৱা ৰিংকু সিঙৰ সংগ্ৰামৰ কাহিনী

পিতৃয়ে ঘৰে ঘৰে চিলিণ্ডাৰ বিলায়, পুত্ৰ আজি দেশজুৰি চৰ্চাত! ৫টা বলত ৫টা ছিক্স কোবোৱা ৰিংকু সিঙৰ সংগ্ৰামৰ কাহিনী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, ক্ৰিকেটৰ খবৰঃ শেষৰ পাঁচটা বলত পাঁচটা ছিক্স৷ অন্তিম অভাৰত ৫টা বলত ৫টা ৬ কোবাই বিশ্বজুৰি চৰ্চিত হৈছে ৰিংকু সিং৷ পৰাজয়ৰ মুখৰ পৰা দলটোক জয়ৰ সোৱাদ দিলে ৰিংকু সিঙে৷ ৰিংকুৰ খেলৰ সমান্তৰালকৈ এতিয়া চৰ্চা হৈছে ৰিংকু সিঙৰ সংগ্ৰামৰ কাহিনীও৷

ক্ৰিকেটাৰগৰাকীৰ পৰিয়াল অতিকৈ দৰিদ্ৰ আছিল৷ ক্ৰিকেট খেলাৰ বাবে বহু কষ্ট কৰিবলগীয়া হৈছিল ৰিংকু সিঙে৷ ৰিংকু সিঙৰ দেউতাকে মানুহৰ ঘৰে ঘৰে চিলিণ্ডাৰ বিতৰণ কৰিছিল৷ ক্ৰিকেটৰ বাবে প্ৰয়োজনীয় বেট-বল কিনিবলৈকো ধনৰ অভাৱ হৈছিল ৰিংকু সিঙৰ৷ ইমান বাধাৰ মাজতো ৰিংকু সিং নিজৰ প্ৰতিভাৰে উজলি উঠিল৷

মহম্মদ জেছান নামৰ এগৰাকী ব্যক্তিয়ে সহায় কৰা আৰম্ভ কৰিলে ৰিংকু সিঙক৷ কিন্তু দৰিদ্ৰতাৰ মাজত ক্ৰিকেট খেলাটো ইমান সহজ নাছিল ৰিংকু সিঙৰ বাবে৷ এটা কছিং চেণ্টাৰত চাফাই কৰ্মীৰ চাকৰি কৰিবলগীয়া হৈছিল ৰিংকু সিঙে৷ কিন্তু ৰিংকু সিঙে সিদ্ধান্ত ল’লে এই চাকৰি নকৰে৷ ইয়াৰ পৰিবৰ্তে তেওঁ ক্ৰিকেট খেলিব৷ পঢ়া শুনাৰ ক্ষেত্ৰতো ৰিংকু সিঙে বৰ বেছি আগবাঢ়িব নোৱাৰিলে৷ নৱম শ্ৰেণীলৈকেহে ৰিংকু সিঙে আনুষ্ঠানিক শিক্ষা সম্পন্ন কৰিলে৷

ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱা এৰি নিদিলে ৰিংকু সিঙে৷ আণ্ডাৰ-১৯ ত ভাল ফলাফল দেখুৱালে ৰিংকু সিঙে৷ ৰঞ্জী ট্ৰফীটো স্থান পালে ক্ৰিকেটাৰজনে৷ আলীগড়ৰ পৰা আইপিএলত নিৰ্বাচিত হোৱা প্ৰথমজন খেলুৱৈ ৰিংকু সিং৷ আইপিএল কনট্ৰেক্টৰ পাছত বহু টকা পাইছিল ৰিংকু সিঙে৷ জীৱনত ইমান টকা কেতিয়াও দেখা নাছিল ৰিংকু সিঙে৷ এই টকাৰে ঘৰ নিৰ্মাণ কৰিলে ৰিংকু সিঙে৷ বাকী থকা ধাৰো মাৰিলে ৰিংকু সিঙে৷ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৫ টা ছিক্স কোবাই হৃদয় জিনিলে শ্বাহৰুখ খানৰো৷

২০২২ৰ আইপিএলটো এল এছ জিৰ বিৰুদ্ধে ৰিংকু সিঙে খেলিছিল বিস্ফোৰক ইনিংছ৷ ১৫ টা বলত লৈছিল ৪০ ৰান৷ কিন্তু সেই খেলখনত পৰাস্ত হৈছিল কেকেআৰ। সেইগৰাকী ৰিংকু সিঙে জয়ৰ সোৱাদ পালে এইবাৰৰ আইপিএলত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *