নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?

নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, বলীউড বাৰ্তাঃ আশীৰ দশকৰ প্ৰথম শাৰীৰ অভিনেতাৰ নাম ল’লেই বিশেষ এজন হৈছে সঞ্জয় দত্ত। অভিনয়েৰেই দৰ্শকৰ মনত ঠাই বনাইছিল সঞ্জয় দত্তই। সঞ্জয় দত্ত যদি এফালে জনপ্ৰিয় আনফালে আকৌ বহু বিতৰ্কিতও। বেআইনীভাৱে অস্ত্র-শস্ত্ৰ ৰখাৰ অপৰাধত কাৰাগাৰত আছিল সঞ্জয় দত্ত। কেৱল সেয়াই নহয় মাদকদ্ৰৱ্য, ড্ৰাগছ আদিও মুকলিকৈ লোৱাৰ অপৰাধত অভিযুক্ত আছিল সঞ্জয় দত্ত। সকলোবোৰ নিচা থাকিলেও নাৰীৰ প্ৰতি কিন্তু কাহানিও বেয়া ব্যৱহাৰ নাছিল সঞ্জয় দত্তৰ। আনকি মহিলা বা যুৱতীৰ সৈতে কথা পাতিবলৈকো লাজ কৰিছিল সঞ্জয় দত্তই। মহিলাৰ সৈতে কথা পাতিবলৈকো পোনতে নিচাৰ আশ্ৰয় লৈছিল। এক সাক্ষাতকাৰত এই সন্দৰ্ভত সঞ্জয় দত্তই কয়, ‘মই ছোৱালীৰ সৈতে কথা পাতিবলৈ লাজ পাইছিলো। তেতিয়াই মোৰ বন্ধু এজনে পৰামৰ্শ দিছিল যে নিচা কৰিলে এই লাজ কমি যাব। কথা পাতিবলৈ আত্মবিশ্বাস বাঢ়িব। তেতিয়াৰে পৰাই মই নাৰীৰ সৈতে কথা পাতিবলৈ হ’লে নিচা লৈছিলো।’

ইয়াৰোপৰি সঞ্জয় দত্তই কোৱা অনুসৰি, কলেজত পঢ়ি থকাৰ সময়ৰ পৰাই নিচাৰ আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছিল সঞ্জয় দত্তই। কেৱল চখৰ বাবেই পোনতে নিচা লৈছিল। কিন্তু এই চখ লাহে লাহে অভ্যাসত পৰিণত হ’ল। তেতিয়ালৈ সঞ্জয় দত্তই নিজক বুজিবই পৰা নাছিল। হেৰইনৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ মাদক দ্ৰবই তালিকাত ৰাখিছিল সঞ্জয় দত্তই। তেওঁ এই সন্দৰ্ভত সাক্ষাতকাৰটোত কৈছিল যে, জীৱনলৈ এনে এক সময় আহিছিল যেতিয়া তেওঁ মাদক দ্ৰব এৰি এক মিনিট সময় অতিবাহিত কৰাটোও টান হৈ পৰিছিল। কলেজ এৰাৰ ৯ বছৰ পাছতো মাদক দ্ৰবৰ নিচা কিন্তু এৰিব নোৱাৰিলে। ১৯৮১ চনত তেওঁৰ প্ৰথম ছবি ‘ৰকি’য়ে মুক্তিলাভ কৰে। ছবিখন মুক্তিৰ পাছৰে পৰা তেওঁ আৰু অধিক নিচাগ্ৰস্থ ব্যক্তি হৈ পৰিল। কিয়নো সেই ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে তেওঁৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈকে মাদক দ্ৰবৰ শৰণাপন্ন হৈছিল সঞ্জয় দত্ত। জীৱনৰ সেই ক’লা অধ্যায় সমূহৰ কথা মুকলিকৈ প্ৰকাশ কৰি তেওঁ কয়, ‘হেৰইন লৈ মই দিনৰদিনটো শুই থাকো। টোপনি ভাঙিলেই খুব ভোক লাগে। আমাৰ কাম কৰা মানুহজনক খাদ্য দিবলৈ কওঁ। মোৰ অৱস্থা দেখি আমাৰ বনকৰা মানুহজনেও চকুলো টুকিছিল। সি মোক কৈছিল, মই হেনো দুদিন পাছতহে সাৰ পাইছো। তেওঁৰ কথা শুনিয়েই মই আইনাত নিজকে চাইছিলো। নিজকে বিধ্বস্ত ৰূপত দেখিছিলো।’

এই সময়খিনি আছিল সঞ্জয় দত্তৰ জীৱনৰ কঠিন এক সময়। নিজকে নিচাৰ পৰা মুক্ত কৰিবলৈ ৰিহেবিটেছন চেণ্টাৰতো ভৰ্তী হৈছিল সঞ্জয় দত্ত। এবাৰ সঞ্জয় দত্তই তেওঁৰ দুই ভগ্নী প্ৰিয়া আৰু নম্ৰতাৰ সৈতে বিমান যাত্ৰা কৰিছিল। কিন্তু বিমানত থকাৰ সেই সময়খিনিত মাদক দ্ৰব লোৱাটো নিষেধ জানিও শান্ত হৈ থাকিব পৰা নাছিল সঞ্জয় দত্ত। এই সন্দৰ্ভত তেওঁ কয়, ‘বিমানত তেতিয়া নিৰাপত্তা ব্যৱস্থা ইমান কটকটীয়া নাছিল। সেয়ে মই মোজাৰ ভিতৰত এক কিলো হেৰইন লুকুৱাই নিছিলো। ক’তো ধৰা নপৰিলো। এই ঘটনা মনত পৰিলে ভয় এটা লাগে। কাৰণ ধৰা পৰিলে লগে লগেই মোৰ জে’ল হ’লহেতেন। মোৰ জে’ল হলেও কথা নাছিল কিন্তু ভণ্টীহঁতৰ কি হ’লহেতেন? গোটেই পৰিয়ালটোৰ বাবেই বিপদ মাতি আনিছিলো। কিন্তু সেইবাৰ বাচি গ’লেও মই জে’লত গলো। জে’লত থকাৰ সময়তে জীৱনটোক ন’কৈ উদঘাটন কৰিলো। মোৰ সকলো অহংকাৰ ভাঙি চূৰমাৰ হৈ গৈছিল। চোৰ ডকাইতৰ সৈতে একেলগে আছিলো। জে’লত থকা দিনৰ পৰাই মই সহনশীল হ’ব শিকিলো।’

নিজৰ জীৱনৰ পৰা শিক্ষা লাভ কৰি নৱপ্ৰজন্মৰ উদ্দেশ্যে সঞ্জয় দত্তই কৈছে, ‘জীৱনত যদি সাফল্য বিচাৰা তেন্তে ভাল কাম কৰা। নিজৰ পৰিচয় গঢ়িবলৈ নিজকে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰা। নিচা কৰি একোৱেই লাভ নহয়। নিজৰ ধ্বংস নিজেই মাতি হে অনা হয়।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *