নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…

নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: নতুনকৈ লিখা হ’ব ভাৰতবৰ্ষৰ ইতিহাস। কাৰণ পূৰ্বৰ যি ইতিহাস আমি জানো, সেই ইতিহাস সঠিক নহয়। ইয়াৰোপৰি এই ইতিহাসত তথ্যও বহু বিকৃত কৰা হৈছে। এই দাবী তুলিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। দিল্লীত অসম চৰকাৰে আয়োজন কৰা লাচিত দিৱসৰ কাৰ্যসূচীত এই মন্তব্য কৰিছে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। ইতিহাসবিদসকলক উদ্দেশ্যী গৃহমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যত কয়,’দেশৰ ইতিহাস সলাবৰ সময় সমাগত। এই ইতিহাস সলাই ন’ ইতিহাস লিখা হ’ব। যি ইতিহাস দেশৰ আহিবলগা প্ৰজন্মই জানিব।’

লাচিত দিৱসত আৰু কি ক’লে শ্বাহে?

লাচিত দিৱসৰ কাৰ্যসূচীত গৃহমন্ত্ৰী অমিত শ্বাহে কয়, মই ইতিহাসৰ ছাত্ৰ। আমাৰ পূৰ্বে লিখিত ইতিহাসত ভুল আছে। এই কথা মই বহুদিন ধৰি ময়ো শুনি আছো। এই কথা মইয়ো বিশ্বাস কৰিবলৈ লৈছো। ঠিকেই ভুল আছে। কিন্তু এইবাৰ আমি সংশোধন কৰাৰ সিদ্ধান্ত লৈছো। আমি দেশৰ বিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক এই বাৰ্তা পঠিয়াম। ভাৰতৰ ইতিহাসক লৈ নতুনকৈ গৱেষণা আৰম্ভ কৰক। আকৌ এবাৰ ইতিহাস লিখা হওক। মিছা কথাৰে ভৰা ইতিহাস আৰু যাতে ভাৰতৰ আহিব লগা প্ৰজন্মই পঢ়িব লগা নহয়।’

নেহৰু নহয় নেতাজীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী!

উল্লেখ্য যে, বহুদিন ধৰি একাংশ মহলে দাবী কৰা অনুযায়ী, অত্যন্ত সুচাৰুৰূপে দেশৰ ইতিহাস লিখাৰ বাবে যো-জা চলাইছে মোদী নেতৃত্বাধীন চৰকাৰে। স্বাধীনতা সংগ্ৰামত দামোদৰ ছাভাৰকাৰৰ ভুমিকা কি আছিল এইসমূহ কথা পূৰ্বে লিখা ইতিহাসত সবিস্তাৰে প্ৰকাশ কৰা হোৱা নাই। ‘ আজাদি কা দিওয়ানে মিউজিয়াম’ত বিপ্লৱীসকলৰ বিভিন্ন বিষয় তুলি ধৰা হৈছে। তাতেই নিৰ্মাণ কৰা হৈছে ছেলুলাৰ জে’লৰ প্ৰতিকৃতিও। সেই স্থানতেই স্থান পাইছে ছাভাৰকাৰৰ ছবিও। ইংৰাজৰ ওচৰত ক্ষমা খুজি লিখা চিঠিখন পঠিয়াই দিয়া সন্দৰ্ভত কিন্তু সেই ইতিহাসত আৰু লিপিবদ্ধ নহ’ল।

ইয়াৰোপৰি বিশ্লেষকসকলে প্ৰকাশ কৰা মতে, বিভিন্ন চৰকাৰী নথি পত্ৰসহ অন্যান্য ক্ষেত্ৰতো নেতাজীয়েই অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নতুন ইতিহাসত সন্নিবিষ্ট কৰাৰ চেষ্টা চলাইছে কেন্দ্ৰই। ইয়াৰোপৰি জৱাহৰলাল নেহৰুৰ অস্তিত্ব সলাই নতুন ইতিহাসত ছাভাৰকাৰৰ অৱদান সম্পৰ্কে ভৱিষ্যত প্ৰজন্মৰ আগত তুলি ধৰা হ’ব। লাচিত দিৱসত অমিত শ্বাহে কৰা মন্তব্যই এই কথাৰেই পিনৰ ইংগিত দিলে বুলি সামাজিক মাধ্যমতো চৰ্চা চলা পৰিলক্ষিত হৈছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *