‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NBNEWS, বলীউড বাৰ্তাঃ অটিটি প্লেটফৰ্মৰ জনপ্ৰিয়তা বাঢ়িছে। এখনৰ পিছত আন এখন জনপ্ৰিয় চিনেমাই মুক্তিলাভ কৰিছে অটিটি প্লেটফৰ্মত। অটিটিত মুক্তিলাভ কৰিবৰ বাবে একোখন চিনেমা কোনো চেঞ্চৰ বৰ্ডৰ পৰীক্ষণৰ মাজেৰে আহিব নালাগে তাৰ বাবে যিকোনো চিনেমাই অটিটিত মুক্তিলাভ কৰিব পাৰে। সংলাপ, দৃশ্য, যৌনতা কোনোক্ষেত্ৰতেই কাটিব লগা কথা নাথাকে। যাৰ বাবে প্ৰযোজকে ইচ্ছানুসৰি চিনেমা মুক্তি দিব পাৰে।

সৰু পৰ্দাত CBFC, BCCC আৰু ডাঙৰ পৰ্দাত চেঞ্চৰ বৰ্ড থাকে কিন্তু অটিটিত কোনো ধৰণৰ চেঞ্চৰ বৰ্ড বৰ্তমানলৈ নাই। যাৰ ফলত অটিটিত এতিয়া কিছু যৌনগন্ধী চিনেমাও প্ৰচাৰ হৈছে। বিষয়টোক লৈ সকলোৱে নিমাত হ’লেও শেহতীয়াভাৱে মুখ খুলিছে ভাইজান ছলমানে। বলীউডত ১৯৮৯ ৰ পৰাই আছে ছলমান। কিন্তু চিনেমা একোখন মুক্ত যৌনতা প্ৰচাৰত তেওঁ কাহানিও আগভাগ লোৱা নাই বুলি প্ৰকাশ কৰিছে। তেওঁ এই সন্দৰ্ভত কয়, ‘মই ভাৱো অটিটিতো চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনীতা আছে। অশ্লীলতা, যৌনতা, নগ্নতা, গালিগালাজ আদি বন্ধ হ’ব লাগে।’

উল্লেখ্য এই মন্তব্যৰ স্পষ্টীকৰণত ছলমানে কয়, ‘এইসমূহ মাধ্যমত চিনেমা কেৱল বয়স্ক লোকেই নাচায়। ১৫-১৬ বছৰীয়া কিশোৰেও এই চিনেমা চায়। সেয়ে কিছু ক্ষেত্ৰত এইসমূহ প্ৰচাৰ কৰাটো অনৈতিক। সেয়ে অটিটিত চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *