দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?

দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰেমে নামানে কাটাতাঁৰৰ বেৰ। সীমা হাইদৰ আৰু শচীন মীনাৰৰ প্ৰেম কাহিনীৰ চৰ্চা আজিও অব্যাহত আছে। এই প্ৰেম কাহিনীয়ে বলীউডৰ চিনেমাকো চেৰ পেলাব। প্ৰেমৰ টানতেই পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে সীমাই। এফালে যেনেকৈ তেওঁলোকৰ প্ৰেমকাহিনীৰ চৰ্চা আনফালে সীমাৰ প্ৰকৃত পৰিচয়ক লৈয়ো উঠিছে হাজাৰটা প্ৰশ্ন। সঁচায়ে এয়া প্ৰেমৰ টান নে সীমা পাকিস্তানী গুপ্তচৰ?

সীমাৰ পৰিচয় বিচাৰিয়েই উত্তৰপ্ৰদেশৰ বিশেষ তদন্তকাৰী দল ATSয়ে সীমাৰ ওপৰত চলাইছে বিশেষ তদন্ত। তদন্তত পোহৰলৈ আহিছে সীমাৰ কেইবাটাও তথ্য। তাৰমাজতেই সীমাৰ শচীনৰ সৈতে সম্পৰ্ক কেনেধৰণে চলিছে তাৰ ওপৰতো বিশেষ তদন্ত কৰিছে ATSয়ে। অন্যান্য সাধাৰণ দম্পত্তিৰ দৰেই সীমা আৰু শচীনৰ মাজতো কাজিয়া হয়। সম্পৰ্কৰ জটিলতাতকৈ সৰু সৰু কিছু দিশক লৈ সীমা-শচীনৰ মাজত সংঘাত। সীমাৰ এটা বদভ্যাষৰ কথা শচীনে সংবাদমাধ্যমৰ আগতো জনাইছে। সীমাই দৈনিক চিগাৰেট সেৱন কৰে। কিন্তু শচীনৰ এই অভ্যাস পছন্দ নহয়। সীমাক বাৰে বাৰে মানা কৰা স্বত্ত্বেও সীমাই এই অভ্যাস এৰা নাই।

ৰাবুপুৰাত অম্বেদকাৰ কলনিত শচীন আৰু সীমাই ভাড়া থাকে। সেই ঘৰৰেই মালিক গিৰিৰাজে জনোৱা অনুসৰি সীমাই প্ৰায় বিড়ি খাই থাকে। শচীনে বাৰে বাৰে বাধা দি থাকে যদিও সীমাই গুৰুত্ব নিদিয়ে। সেই বিষয়টোক লৈ প্ৰতিদিনেই কাজিয়া হয়। কেতিয়াবা তেওঁলোকৰ কাজিয়া মালিকেও ভাঙিব লগা হয়। ইয়াৰোপৰি সীমাৰ মালিকৰ বিস্ফোৰক তথ্য যে সীমাই সন্তান বুলি কোৱা ৪টা শিশুৱেই সীমাক বাইদেউ বুলি মাতে। তেওঁৰ শিশুকেইটাৰ সৈতে সীমাৰ শিশুকেইটাই খেলাধূলা কৰে। সীমাই স্থানীয় ভাষাও প্ৰায় শিকিছেই। সেয়ে প্ৰতিবেশীৰ সৈতেও সীমাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠা বুলিও জনাইছে সীমা-শচীন ভাড়াত থকা ঘৰৰ গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *