দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেশৰ এক কোটিতকৈয়ো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভালখবৰ। মহাৰ্ঘভাটা(DA) বৃদ্ধি হৈছে কেন্দ্ৰীয় কৰ্মচাৰীৰ। কেন্দ্ৰীয় কৰ্মচাৰীৰ DA, ৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে অক্টোবৰ-নৱেম্বৰ মাহত কৰিব পাৰে মহাৰ্ঘ ভাট্টাৰ বৃদ্ধি। ১ জুলাই ২০২৩ ৰ পৰা এই বৃদ্ধিৰ ধন লাভ কৰিব কৰ্মচাৰীয়ে। এইবাৰ দুৰ্গা পূজা আৰু দেৱালীত কৰ্মচাৰীয়ে লাভ কৰিব পাৰে এই উপহাৰ।

AICPI য়ে দিছে এই সংকেত?

AICPIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ ৪ শতাংশ বৃদ্ধি হ’ব পাৰে। কৰ্মচাৰীসকল ইয়াৰ পৰা কিমান লাভান্বিত হ’ব?
সপ্তম দৰমহা আয়োগত, নিম্নতম মৌলিক দৰমহা হৈছে ১৮,০০০ টকা আৰু কেবিনেট সচিবৰ স্তৰত এই দৰমহা হৈছে ৫৬,৯০০ টকা। ডিএ বৃদ্ধি হ’লে ১৮,০০০ টকা লাভ কৰা কৰ্মচাৰীসকলৰ দৰমহা ৮৬৪০ টকাকৈ বৃদ্ধি পাব।

যিসকলৰ নুন্যতম দৰমহা মৌলিক দৰমহা ১৮,০০০ টকা।
নতুন মহাৰ্ঘভাতাত মাহে 8280 টকা বৃদ্ধি পাব।
মহাৰ্ঘভাতা বৃদ্ধি হৈ হৈছেগৈ ৮২৮০-৭৫৬০= ৭২০ টকা/মাহে
বাৰ্ষিক দৰমহা ৭২০X১২=৮২৪০টকা বৃদ্ধি

যিসকলৰ সৰ্বাধিক মৌলিক দৰমহা ৫৬,৯০০ টকা তেওঁলোকৰ
নতুন মহাৰ্ঘভাতা ২৬,১৭৪ টকা/মাহে বৃদ্ধি
বৰ্তমানলৈকে তেওঁলোকে লাভ কৰি আহিছে মহাৰ্ঘভাতা ২৩,৮৯৮ টকা/মাহ
মহাৰ্ঘভাতা বৃদ্ধি হৈছে ২৬১৭৪-২৩,৮৯৮=২২৭৬ টকা/মাহে
বাৰ্ষিক দৰমহা ২২৭৬X১২= ২৭৩১২ টকা বৃদ্ধি

বছৰত দুবাৰকৈ বৃদ্ধি পায় মহাৰ্ঘভাট্টা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মহাৰ্ঘ ভাট্টা (সপ্তম দৰমহা আয়োগ) প্ৰতি ৬ মাহত পুনৰীক্ষণ কৰে। AICPI তথ্যৰ ওপৰত ভিত্তি কৰি বছৰত দুবাৰকৈ মহাৰ্ঘভাতা বৃদ্ধি কৰা হয়। জানুৱাৰী আৰু জুলাইত এই বৃদ্ধি হয়। সাধাৰণতে, হোলীৰ পূৰ্বে জানুৱাৰীৰ বাবে মহাৰ্ঘভাতা (ডি.এ.) ঘোষণা কৰা হয়। জুলাইৰ মহাৰ্ঘভাট্টা দুৰ্গা পূজা বা দেৱালীৰ আগত ঘোষণা কৰা হয়। মুদ্ৰাস্ফীতিলৈ লক্ষ্য ৰাখিয়েই জুলাইত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মহাৰ্ঘভাতা (ডিএ) ৪ শতাংশ বৃদ্ধি হ’ব পাৰে।

এক কোটিতকৈও অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ’ব
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ মহাৰ্ঘ ভাট্টা (সপ্তম দৰমহা আয়োগ) বৃদ্ধিৰ ফলত দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰ লাভান্বিত হ’ব। চৰকাৰে এই বছৰ হোলীৰ সময়ত ডিএ ৪ শতাংশ বৃদ্ধি কৰিছিল। দ্বিতীয়বাৰৰ বাবে এই ডি.এ. ৪ শতাংশ পুনৰ বৃদ্ধি কৰা হ’ব বুলি প্ৰকাশ কৰিছে কেইবাটাও সূত্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *