দুৰ্গা পূজাৰ সময়ত যান-বাহন আইন উলংঘাৰ ক্ষেত্ৰতো নাম ৰাখিলে গুৱাহাটীবাসীয়ে!

দুৰ্গা পূজাৰ সময়ত যান-বাহন আইন উলংঘাৰ ক্ষেত্ৰতো নাম ৰাখিলে গুৱাহাটীবাসীয়ে!

যান-বাহন আইন
যান-বাহন আইন
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

জাকজমকতাৰে উলহ-মালহেৰে ৰাজ্যবাসীয়ে উদযাপন কৰিলে দুৰ্গা পূজা। মণ্ডপৰ চমক, সাজ-সজ্জাৰ ৰমক জমকেৰে উদ্ভাসিত হৈ উঠিছিল সমগ্ৰ ৰাজ্য। হিলদোল ভাঙি পূজা চাবলৈ ওলাই আহিছিল ৰাইজ। বিভিন্ন মনোগ্ৰাহী আৰ্হিৰ পেণ্ডেল তথা আলোকসজ্জাৰে গুৱাহাটী মহানগৰীতো আৰাধনা কৰা হ’ল দেৱী দুৰ্গাৰ। পূজাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছিল বিশেষ নিৰ্দেশনা। যান-বাহন আইন উলংঘা নকৰিবলৈ বাৰে বাৰে সকীয়াই দিছিল নাগৰিকক। কিন্তু একাংশ অসাৱধান জনতাই আৰক্ষীৰ সকীয়নীকো আওকান কৰিলে পূজাৰ বতৰত।
পূজাৰ বতৰত যান-জটৰ সমস্যা লাঘৱ কৰিবলৈ তথা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মহানগৰ আৰক্ষীয়ে জাৰি কৰিছিল কঠোৰ নিৰ্দেশনা। গুৱাহাটীত সক্ৰিয় কৰা হৈছিল ITMSৰ কেমেৰা। সকলো বাহনৰ গতি-বিধি নজৰত ৰখা হৈছিল ট্ৰেফিক ছিগনেলৰ কেমেৰাত। হেলমেট নিপিন্ধা, ছীটবেল্ট নলগোৱা লোকক বাৰে বাৰে সকীয়াই দিয়া হৈছিল যান-বাহন আইন উলংঘা নকৰিবলৈ। তৎসত্বেও পূজাৰ বতৰত আইন উলংঘাৰো যেন অভিলেখ গঢ়িলে মহানগৰবাসীয়ে। ভয়ংকৰ হাৰত যান-বাহন আইন উলংঘা কৰা হ’ল গুৱাহাটীত।
ITMSৰ CCTVত ধৰা পৰিল শ শ যান-বাহন আইন উলংঘনকাৰী। গুৱাহাটীৰ ৬১টা CCTVয়ে জৰিমনা বিহিলে শ শ আইন উলংঘনকাৰীক। কেৱল পূজাৰ পাঁচটা দিনতে ৮০ লাখ টকা জৰিমনা সংগ্ৰহ কৰে যান-বাহন আৰক্ষীয়ে। হেলমেট নিপিন্ধা, ছীটবেল্ট নলগোৱা আৰু ৰঙা লাইট অনুসৰণ নকৰা লোকক মহানগৰ আৰক্ষীয়ে বিহিলে জৰিমনা। মহানগৰীত দুৰ্গা পূজাৰ নৱমীৰ দিনটোত সৰ্বধিক জৰিমনা সংগ্ৰহ কৰে যান-বাহন আৰক্ষীয়ে।
লক্ষ্যণীয়ভাবে পূজাৰ বতৰত সুৰা বিক্ৰীৰ ক্ষেত্ৰতো অভিলেখ গঢ়িছে গুৱাহাটীয়ে। অষ্টমী, নৱমী আৰু দশমীৰ দিনকেইটাতে গুৱাহাটীত বিক্ৰী হয় ২২ কোটি ৫০ লাখ টকাৰ সুৰা। আনহাতে, ১০৮ৰ তথ্য অনুসৰি দুৰ্গা পূজাৰ ৫ টা দিনত ৰাজ্যত সংঘটিত হৈছে ৭৬৯টা পথ দুৰ্ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *