দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক

দুৰ্গাৰ অতি প্ৰিয় এই ৪ৰাশি, সকলো দুখ-কষ্টৰ পৰা দুৰ্গাই ৰক্ষা কৰিব এই ৪ৰাশিক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ঠিক এমাহ পাছতেই আৰম্ভ হ’ব দূৰ্গা পুজা৷ শাৰদীয় নৱৰাত্ৰি হিচাপে এই দিনকেইটাক অসম, পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত পালন কৰা হয়৷ নৱৰাত্ৰীৰ ৯ দিনত দেৱীৰ ৯টা ৰূপক ভিন্নৰূপত আৰাধনা কৰা হয়৷ অশুভ শক্তিৰ বিনাশকাৰী দেৱীৰ প্ৰভাৱ কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে থাকে৷ দুৰ্গাপূজা আৰম্ভ হোৱাৰ আগতেই জানি লওক দুৰ্গাৰ প্ৰিয় ৰাশিৰ বিষয়ে৷

মেষ ৰাশি
মেষ ৰাশিৰ জাতকসকল জন্মৰ পৰাই সৌভাগ্যশালী হয়৷ সাধাৰণতে তেওঁলোকে যি কামেই হাতত নলওক কিয় সফলতা লাভ কৰে৷ কাৰণ মা দুৰ্গাৰ আশীৰ্বাদ এইসকলৰ ওপৰত সকলো সময়তে থাকে৷ দুৰ্গাৰ আশীৰ্বাদতেই সকলো সময়তে বিলাসবহুল জীৱন কটাই মেষ ৰাশিৰ জাতকে৷ সন্তানৰ পৰাও সুখবৰ লাভ কৰে এই ৰাশিৰ জাতকে৷

সিংহ ৰাশি
দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে থাকে সিংহ ৰাশিৰ জাতকসকলৰ ওপৰত৷ বিশেষকৈ শাৰদীয় দু্ৰ্গাপূজাৰ সময়ত দেৱীৰ বিশেষ কৃপা এই ৰাশিৰ জাতকে লাভ কৰে৷ দুৰ্গাৰ কৃপাত প্ৰচুৰ অৰ্থ লাভ কৰে এই ৰাশিৰ জাতকে৷ দুৰ্গাৰ কৃপাতেই পৰিয়ালত সুখ আৰু শান্তিও আহে সিংহ ৰাশিৰ জাতকৰ৷ প্ৰেমৰ সম্পৰ্কও মধুৰ হয়৷ কৰ্মক্ষেত্ৰত দেৱীৰ আশীৰ্বাদতে প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পায় সিংহ ৰাশিৰ জাতকে৷

তুলা ৰাশি
দুৰ্গাৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য বৃদ্ধি পায় তুলা ৰাশিৰ জাতকৰ৷ কোনো আৰ্থিক কষ্টই কাবু কৰিব নোৱাৰে এই ৰাশিৰ জাতকক৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে৷ দেৱীৰ দয়াত তুলা ৰাশিৰ জাতকৰ দাম্পত্য জীৱন সুখৰ হয়৷ কৰ্মক্ষেত্ৰত সহজে উন্নতি কৰে৷

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত সকলো সময়তে দুৰ্গাৰ আশীৰ্বাদ থাকে৷ দেৱীৰ কৃপাত জীৱনত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব৷ আৰ্থিক ভাৱে নানান দিশৰ পৰা লাভৱান হ’ব৷ সমাজত মান সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *