তিনিটা ঢাপ পাৰ হ’লেই চন্দ্ৰপৃষ্ঠ! সফলভাৱে চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথ অতিক্ৰম কৰিলে চন্দ্ৰযান-৩য়ে

তিনিটা ঢাপ পাৰ হ’লেই চন্দ্ৰপৃষ্ঠ! সফলভাৱে চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথ অতিক্ৰম কৰিলে চন্দ্ৰযান-৩য়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চন্দ্ৰৰ আকৰ্ষণবলৰ অধীনত আৰু এঢাপ আগুৱাই গৈছে চন্দ্ৰযান-৩। বুধবাৰে দুপৰীয়া চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথত ভৰি দিছে চন্দ্ৰযান-৩য়ে। চন্দ্ৰ পৃষ্ঠৰ পৰা চন্দ্ৰযান-৩ এতিয়া ১,৪৩৭ কিঃমিঃ দূৰত্বত আছে। বুধবাৰে দুপৰীয়া ইছৰোৰ তৰফৰ পৰা টুইট কৰি জনোৱা হৈছে এই খবৰ। চন্দ্ৰৰ আৰু কাষ পাইছেগৈ চন্দ্ৰযান-৩।

চন্দ্ৰপৃষ্ঠত ভৰি দিয়ালৈকে চন্দ্ৰযান-৩য়ে আৰু ৫ বাৰ কক্ষপথ পৰিবৰ্তন কৰিব লাগিব। প্ৰথম চন্দ্ৰৰ কক্ষপথত কক্ষপথত সলনি কৰিছিল বিগত দেওবাৰে। তাৰপিছতেই বুধবাৰে চন্দ্ৰযান-৩ য়ে আন এক কক্ষপথ সলনি কৰিছে। এতিয়া আৰু ৩ টা কক্ষপথ অতিক্ৰম কৰিলেহে চন্দ্ৰপৃষ্ঠত উপস্থিত হ’ব চন্দ্ৰযান-৩।

ইছৰোই জনোৱা অনুসৰি চন্দ্ৰযান-৩য়ে পৰবৰ্তী কক্ষপথ পৰিবৰ্তন কৰিব আগন্তুক ১৪ আগষ্ঠত। ১৪ আগষ্ঠৰ দুপৰীয়া ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত কক্ষপথ সলনি কৰিব চন্দ্ৰযান-৩য়ে। বাংগালুৰুৰ পৰা ইছৰোৰ বিজ্ঞানীয়ে মহাকাশযানখনক নিয়ন্ত্ৰণ কৰি আছে। বিগত ১৪ জুলাইৰ দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰী হৰিকোটাৰ স্পেছ চেণ্টাৰৰ পৰা সফল উৎক্ষেপন হৈছে চন্দ্ৰযান-৩। উৎক্ষেপণৰ ২২ দিন পাছত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত ভৰি দিছে। ইয়াৰ পূৰ্বে পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত পৃথিৱীৰ কক্ষপথতেই প্ৰদক্ষিণ কৰি আছিল যানখনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *