টি-২০ ত ৰিয়ান পৰাগৰ অভিষেক! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলাৰ সম্ভাৱনা

টি-২০ ত ৰিয়ান পৰাগৰ অভিষেক! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলাৰ সম্ভাৱনা

ৰিয়ান পৰাগ
ৰিয়ান পৰাগ
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

এদিনীয়া বিশ্বকাপ শেষ হোৱাৰ চাৰিদিন পাছতে ঘৰৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব ভাৰতে। এদিনীয়া বিশ্বকাপত দমনীয় প্ৰদৰ্শন অব্যাহত ৰখা ভাৰত সম্পূৰ্ণ সাজু হৈ আছে ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে। এদিনীয় বিশ্বকাপৰ পাছতে ভাৰতে প্ৰস্তুতি চলাব ২০২৪ ৰ টি-২০ বিশ্বকাপৰ বাবে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পূৰ্বে চৰ্চালৈ আহছে অসম সন্তান ৰিয়ান পৰাগ। ভাৰতীয় জাতীয় দলত ৰিয়ানে স্থানলাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতে বহুকেইগৰাকী শীৰ্ষ খেলুৱৈক বিশ্ৰাম দিয়াৰ সম্ভাৱনা আছে। বিৰাট কোহলী, ৰোহিত শৰ্মা, কে এল ৰাহুল, মহম্মদ ছিৰাজ, কুলদ্বীপ যাদৱ, মহম্মদ ছামীক দলীয় মেনেজমেণ্টে বিশ্ৰাম দিয়াৰ সম্ভাৱনা আছে। তেনেক্ষেত্ৰত এতিয়া ৰিয়ান পৰাগৰ নাম চৰ্চালৈ আহিছে। শেহতীয়া ছৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত দমনীয় প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ানে ভাৰতীয় জাতীয় দলত স্থানলাভ কৰাৰ চৰ্চা চলিছে।
উল্লেখ্য যে, ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ শৃংখলা। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শৃংখলাৰ এখন মেচ। জাতীয় দলত স্থানলাভ কৰিলে ২৮ নৱেম্বৰৰ মেচখনত গুৱাহাটীত ‘লোকেল বয়’ ৰিয়ান পৰাগৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব অসমৰ দৰ্শকৰ। ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিলে ৰিয়ান পৰাগৰ বাবে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।
বিগত আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলেও ছৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত দুৰ্দান্ত বেটিং কৰে ৰিয়ান পৰাগে। ছৈয়দ মুস্তাক আলী ট্ৰফীত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰি এক বিশ্ব অভিলেখ গঢ়ে ৰিয়ানে। টি-২০ ক্ৰিকেটত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ খেলুৱৈ ৰিয়ান পৰাগ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *