জুবিন মানেই ধৰাল তৰোৱাল! জুবিন, জুবিনেই ক’লেও জুবিন নামৰ আছে পৃথক এক অৰ্থ

জুবিন মানেই ধৰাল তৰোৱাল! জুবিন, জুবিনেই ক’লেও জুবিন নামৰ আছে পৃথক এক অৰ্থ

admin_news

admin_news

admin_news

admin_news

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS, অসমঃ জুবিন গাৰ্গ নামেই পৰিচয়৷ ডেকা বুঢ়াৰ পৰা শিশুলৈ সকলোৰে মনত জুবিন বুলিলেই অন্য এক শিঁহৰণ৷ গানেই জুবিনৰ জীৱন, গানেই জুবিনৰ পৰিচয়৷ জুবিনক ব্যক্তিগতভাৱে লগ নাপালেও জুবিন বুলিলেই অন্য এক আৱেগ পুহি ৰাখে অসমৰ প্ৰায় প্ৰতিজন লোকেই৷ এইবাৰো পূৰ্বৰ ধাৰাৰেই অসমৰ চুকে-কোণে বিহুৰ মঞ্চত আছে জুবিনৰ সংগীতানুষ্ঠান৷

মাজৰ কেইটামান বছৰত জুবিনৰ কণ্ঠত পূৰ্বৰ সেই মসৃণতা পোৱা নাছিল যদিও এইবাৰ অসমবাসীয়ে ৯০ৰ দশকৰ সেই যৌৱনাদীপ্ত জুবিনজনক উভতাই পাইছে৷ জুবিনে কথা গানেৰে মুগ্ধ কৰিছে প্ৰতিজন বিহুপ্ৰেমী অসমীয়াক৷ বুধবাৰৰ নিশাও অন্যদিনাৰ দৰেই শৃংখলাবদ্ধ ভাৱে জুবিনে শিৱসাগৰত সংগীতানুষ্ঠান কৰিছে৷ গীতৰ মাজে মাজে স্বভাৱসুুলভ কিছু কথা৷

ধেমালিৰ মাজতেই শিৱসাগৰৰ বিহুপ্ৰেমী জনতাক জুবিনে সুধিছিল জুবিন নামৰ অৰ্থ৷ কোনে ক’ব পাৰিব জুবিন মানে কি? কোনেও কিন্তু গুগলত চাই নকব বুলি সঁকিয়াইয়ো দিছিল৷ ৰাইজে কি কৈছিল সেয়া শুনিবলৈ পোৱা নগ’ল যদিও জুবিনে নিজেই ইয়াৰ উত্তৰত ক’লে, ‘জুবিন মানে তৰোৱাল৷ পাৰ্চী ভাষাত তৰোৱালক জুবিন বুলি কয়৷’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *